কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হয়। সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাস, জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য-সচিব হেমন্ত দেউৰী ভড়ালী, পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ কতৃপক্ষৰ উচ্চপদস্থ বিষয়া সুৰেশ কুমাৰ, কল্যাণ দত্ত, বিদ্যুত বিভাগৰ বিষয়া ৰূপৰঞ্জন কলিতা, অংকুৰ কুমাৰ দাস, লোকনিৰ্মাণ পথ বিভাগৰ বিষয়া মৃদুল দাস, যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰকে ধৰি জিলা পথ-সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত পথ-সুৰক্ষা বিষয়ক কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। গুৰুত্বপূৰ্ণ সভাখনত সভাপতিত্ব কৰি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই মহানগৰীৰ পথসমূহ সকলো সময়তে সুৰক্ষিত যাতায়াতৰ বাবে উপযোগী হৈ থকাত গুৰুত্ব দিয়ে। এতিয়াৰে পৰা কোনো বিভাগে বিভাগীয় কামত মহানগৰীৰ পথ খান্দিবলগীয়া হ’লে লোকনিৰ্মাণ বিভাগ, আৰক্ষী আৰু গুৱাহাটী পৌৰনিগমৰ অনুমতি লৈহে কাম কৰিব পাৰিব বুলি কৈ এই সন্দৰ্ভত লোকনিৰ্মাণ বিভাগক এচঅ’পি নিৰ্ধাৰণ কৰি এসপ্তাহৰ ভিতৰত দাখিল কৰিবলৈ আহ্বান জনায়। মহানগৰীৰ কোনটো পথ কোন বিভাগৰ অধীনত পৰে সেই সন্দৰ্ভত সঠিক তথ্য যুগুত কৰিবলৈ উপায়ুক্ত গৰাকীয়ে জিলা উন্নয়ন আয়ুক্ত গৌৰী শংকৰ দাসক নিৰ্দেশ দিয়ে। অনাগত সময়ত মহানগৰীৰ যিসমূহ পথত পাইপ, কেবল, বৈদ্যুতিক সংযোগ আদি স্থাপন কৰিবলগীয়া আছে সেই সকলো কামৰ কাৰণে এটা নিৰ্দিষ্ট সময়ৰ বাবে অনুমতি লৈ বিভাগসমূহক সকলোৰে সহযোগিতাত নিয়াৰিকৈ কাম সম্পূৰ্ণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। ইফালে ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি মহানগৰ সংলগ্ন বিভিন্ন হোটেল-ধাবা, ভিতৰুৱা অঞ্চলত এতিয়াও সক্ৰিয় হৈ থকা ড্ৰাগছ, মদ, ভাং, জুৱাৰ ঘাটি আদিৰ সন্দেহজনক ঠাইত নিয়মীয়া তালাচী চলাই শীঘ্ৰে এই অশুভ শক্তিক মষিমূৰ কৰা, ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ইয়াৰ সংলগ্ন সকলো পথতে সঠিক পথ-নিৰ্দেশনা স্থাপন কৰি পথৰ যাতায়ত সকলো সময়তে সুচল কৰি ৰখা আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। তদুপৰি এই সকলো কামৰ ক্ষেত্ৰত সঠিক খছৰা প্ৰস্তুত কৰি অহা ১০জুনৰ ভিতৰত দাখিল কৰিবলৈ আৱকাৰী আৰু লোকনিৰ্মাণ বিভাগক উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে ৷ জিলা পথসুৰক্ষা সমিতিৰ সভাখনত উপস্থিত থাকি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে পথ সুৰক্ষা সজাগতাৰ ক্ষেত্ৰত শেহতীয়াকৈ মহানগৰীৰ বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত পৰিবহণ বিভাগে গ্ৰহন কৰা ব্যতিক্ৰমী কাৰ্যসূচী সন্দৰ্ভত অবগত কৰে ৷ অনাগত দিনত মহানগৰীত এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলি পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত পথসুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগসমূহক সহযোগিতা আগবঢ়াবলৈ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে আহ্বান কৰে ৷ জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসে মহানগৰীত আজিৰ দিনত দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে হেলমেট পৰিধান কৰাৰ প্ৰসংগ উল্লেখ কৰি শিশু, কণকণ ছাত্ৰ-ছাত্ৰীয়েও যাতে কেতিয়াও হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহনত নুঠে তাৰবাবে অভিভাৱকক সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনাই। উল্লেখ্য যে, মহানগৰীৰ দুৰ্ঘটনাপ্ৰবন অঞ্চলসমূহ চিনাক্ত কৰি সেই ঠাইত নিয়মীয়াকৈ সঠিক পৰ্যবেক্ষণ অব্যাহত ৰখাৰ লগতে কোনো ঠাইত দুৰ্ঘটনা সংঘটিত হ’লেই দুৰ্ঘটনাৰ সঠিক কাৰণ বিচাৰি উলিয়াই ঠাইসমূহ সুচল যাতায়াতৰ উপযোগী কৰি তুলিবলৈ আজিৰ সভাত বিভাগসমূহক আহ্বান জনোৱা হয়।
Trending
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান