মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে গ্ৰহণ কৰা কাৰ্যসূচী পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৃক্ষৰোপণ কৰি মুকলি কৰি যোৱাৰ পিছতে শুকুৰবাৰে কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰী একগোট হৈ জ্যোতিপ্ৰসাদৰ মহান বাণী “সেউজী সেউজী সেউজীয়া, সেউজী ধৰণী ধুনীয়া” লক্ষ্যৰে আগবাঢ়ি আহে । উল্লেখ্য যে, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত কাৰ্যালয়ে গ্ৰহণ কৰা বৃক্ষৰোপণ কাৰ্যসূচীত আন দুগৰাকী জিলা পৰিবহণ বিষয়া ক্ৰমে আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম আৰু প্ৰবৰ্তক শাখাৰ পৰিবহণ বিষয়া হিমাংশু দাসৰ উপস্থিতিত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৃক্ষৰোপণ এক মহৎ কাৰ্য বুলি মন্তব্য কৰ। বৃক্ষৰোপণৰ এই মহৎ কাৰ্যসূচীক অধিক সবল ৰূপত ৰূপায়ন কৰি কাৰ্যালয় চৌহদ চিৰসেউজীয়া আৰু স্বাস্থ্য অনুকুল কৰি ৰাখিবলৈ পৰিবহণ মন্ত্ৰীগৰাকীয়ে আহবান জনায় ৷ পৰিবহণ মন্ত্ৰীগৰাকীৰ এই আহ্বানৰ পিছতে শুকুৰবাৰে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ উপস্থিতিত যানবহন পৰিদৰ্শক অমৰ বৰুৱা, কাণাই মহন্ত, জয়সিং ৰংফাৰকে ধৰি কাৰ্যালয়টোৰ অধীনৰ আটাইকেইটা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে ফুল, ফল, ঔষধিকে ধৰি বিভিন্ন তৰহৰ এশৰো অধিক বৃক্ষৰোপন কৰি নিজে ৰোৱা প্ৰতিটো পুলিৰে নিয়মীয়াকৈ পৰিচৰ্যা কৰি প্ৰতিজোপা গছৰে পূৰ্ণ জীৱন দিয়াৰ বাবে সংকল্প লয়। উল্লেখ্য যে পৰিবহণ বিষয়াৰ কাৰ্যালয় চৌহদৰ খালি ঠাইসমূহত ইয়াৰ পিছতো পাৰ্যমানে বৃক্ষৰোপণ কৰি কাৰ্যালয়ৰ বৃহৎ চৌহদটো প্ৰদূষণমুক্ত তথা স্বাস্থ্য অনুকুল কৰি ৰাখি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে কাৰ্যালয়ে পাৰ্যমানে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে মন্তব্য কৰে ৷
Trending
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS