অসমৰ অৰ্থনীতি ক্ষেত্ৰখনলৈ সুখবৰ কঢ়িয়াইছে প্লেটিনাম ধাতুৰ উদ্ভাৱনে।অসমৰ কাৰ্বি পাহাৰত প্লেটিনামৰ অৱস্থিতি নিশ্চিত কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে।বিশ্ববিদ্যালয়খনৰ প্ৰায়োগিক ভূ -তত্ব বিভাগৰ গৱেষকৰ অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে।এই সম্পৰ্কে প্ৰায়োগিক ভূ-তত্ব বিভাগৰ অধ্যাপক ড৹ দিলীপ মজুমদাৰে কয় যে প্লটিনাম অতি দুৰ্লভ ধাতু।পৃথিৱীৰ খুব কম সংখ্যক ঠাইতেহে প্লেটিনাম পোৱা যায়।প্লেটিনাম হীৰাতকৈ অধিক মূল্যৱান।সাধাৰণতে যন্ত্ৰাংশ নিৰ্মাণ,শল্য চিকিৎসাত ব্যৱহাৰ হয়।এনে ধৰণৰ আৱিস্কাৰে এটা নতুন ভাণ্ডাৰ সংযোজন কৰিলে।উল্লেখযোগ্য যে মজুমদাৰে ইতিপূৰ্বে কাৰ্বি পাহাৰত তামৰ অনুসন্ধান চলাইছিল।অৱশ্যে প্লেটিনামৰ বিষয়ে সবিশেষ তথ্যৰ বাবে অধিক গৱেষণাৰ প্ৰয়োজন আছে।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা