কাৰ্য্যভাৰ গ্ৰহণ কৰিলে অসম পৰিবহন নিগমৰ বিষয়াই

0 267

অসম ৰাজ্যিক পৰিবহন নিগমত আজি আনুষ্ঠানিকভাৱে কাৰ্য্যভাৰ গ্ৰহণ কৰে অধ্যক্ষ অশোক ভট্ৰ ৰায় আৰু উপাধ্যক্ষ হৰিচৰণ বড়োৱে।আনুষ্ঠানিকভাৱে কাৰ্য্যভাৰ গ্ৰহণ কৰি তেখেত সকলে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে পৰিবহন নিগমৰ সমস্যাসমূহ দূৰীভূত কৰাৰ প্ৰচেষ্টা চলাব আৰু আগন্তুক দিনত এটা টীম হিচাপে কাম কৰি যাব।আনহাতে অসম পৰিবহন নিগমৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে তেখেত সকলক আদৰিবলৈ পাই সুখী হৈছো।আগন্তুক দিনত অধিক শক্তিশালীভাৱে কামে গতি লাভ কৰিব বুলি আশাবাদী।অসম পৰিবহন নিগমৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে।সময়ৰ সাপেক্ষে প্ৰক্ৰিয়াসমূহৰ সম্পৰ্কে সংবাদ মাধ্যমক অৱগত কৰাব বুলি মন্তব্য কৰে সঞ্চালক গৰাকীয়ে।

Leave A Reply

Your email address will not be published.