কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ পূৰ্ণাংগ বৈঠকত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

0 216

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ ৭০ সংখ্যক পূৰ্ণাঙ্গ বৈঠকৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি অংশগ্ৰহণ কৰে।

বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা দুদিন ধৰি অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ বৈঠকত বানপানী প্ৰতিৰোধ, ড্ৰাগছৰ প্ৰচলন ইত্যাদি বহু গুৰুত্ব বিষয়ত আলোচনা হৈছে।তেওঁ কয় যে বানপানী ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈ আহিছে। তেওঁ কয় যে আন্তঃৰাজ্যিক সীমা বিবাদ মীমাংসাৰ বাবে আলোচনাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।মেঘালয়ৰ সৈতে অসমৰ সীমা বিবাদৰ ৫০ শতাংশ ইতিমধ্যে মীমাংসা হৈছে। অৰুণাচল প্ৰদেশৰ সৈতে সকলো সীমা বিবাদ সমাধান কৰাৰ বাবে প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে বুলি তেওঁ কয়।লগতে কয় যে সীমা বিবাদ মীমাংসাৰ বাবে উত্তৰ পূৱৰ প্ৰতিখন ৰাজ্যই একত্ৰিত প্ৰয়াস চলাব লাগিব।মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী উড়ান আঁচনিৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা নতুন মাত্ৰা লাভ কৰিছে।উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত আকাশী পথৰ অধিক সংযোগ সাধন কৰিব পাৰিলে যোগাযোগ ব্যৱস্থাই অধিক গতিশীল ৰূপ লাভ কৰিব বুলিও কয়।উত্তৰ পূবৰ বাবে আকাশী যোগাযোগ নীতি গ্ৰহণ কৰিব পাৰিলে প্ৰতিখন ৰাজ্যই অধিক উপকৃত হ’ব পাৰিব।তেওঁ লগতে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ অসামৰিক বিমান নিগমৰ লেখীয়া পদক্ষেপ গ্ৰহণ কৰিব পাৰিলে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাই এক নতুন মাত্ৰা লাভ কৰিব।উত্তৰ পূব পৰিষদ আৰু ৰাজ্য সমূহে কোম্পানী সমূহক উৎসাহিত কৰিলে অঞ্চলটোক অধিক আকাশী পথেৰে যোগাযোগ ব্যৱস্থাৰে সামৰি লোৱাটো সম্ভৱ হৈ উঠিব।

মুখ্যমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদ অঞ্চলটোৰ এক ডাঙৰ সমস্যা।কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লোৱা শক্তিশালী পদক্ষেপৰ বাবে অসমত উগ্ৰপন্থী সমস্যা প্ৰায় শেষ হোৱাৰ পথত বুলিও তেওঁ কয়। উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য সমূহতো উগ্ৰপন্থী সৈতে আলোচনা প্ৰক্ৰিয়া আৰম্ভ হৈছে।উত্তৰ পূৰ্বাঞ্চলত সম্পূৰ্ণ শান্তি প্ৰতিষ্ঠা হ’লে উন্নয়ন প্ৰক্ৰিয়াটো আৰু অধিক ত্বৰাম্বিত হৈ উঠিব বুলিও কয়।উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ বৰ্ণাঢ্য কলা-সংস্কৃতিকে ধৰি বিভিন্ন ঐতিহ্যক সামৰি অসমত এটা সংগ্ৰহালয় নিৰ্মাণ কৰিলে বৃহৎ পৰিমাণৰ পৰ্যটক আকৰ্ষণ কৰিব পৰা যাব।উত্তৰ পূৱ পৰিষদে এনে বৃহৎ প্ৰকল্প আৰম্ভ কৰিলে অসম চৰকাৰে ভূমিকে ধৰি সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি কয়।আজি এই অনুষ্ঠানত ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় ৰাজ্যিক ড’নাৰ মন্ত্ৰী বি .এল বাৰ্মা, অসম আৰু নাগালেণ্ডৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, জ্যেষ্ঠ মন্ত্ৰী,ভাৰত চৰকাৰ আৰু উত্তৰ পূৰ্বৰ ৰাজ্য সমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.