ক’ৰণাৰ সজাগতা সভা অনুষ্ঠিত

0 305

টীয়ক কলিয়াপানী উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত ক’ৰণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ব্লকৰ অধীনস্থ কেবাখনো পঞ্চায়ৰ সভাপতি, জিলা পৰিষদ,আঞ্চলিক পঞ্চায়তৰ সদস্য ,ৱাৰ্ড মেম্বাৰ আৰু গাঁওবুঢ়া তথা বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় সচেতন ব্যক্তিসকলক লৈ এক সজাগতা সভা অনুষ্ঠিত হয়।
 
 
 
বৰ্তমান বহি: ৰাজ্য পৰা অহা ব্যক্তিসকলক চৰকাৰী নীতি নিৰ্দেশনা অৱলম্বন কৰি স্থাপন কৰা কোৱাইন্টাইন চেন্টাৰসমূহত কিদৰে খোৱা-বোৱা,ঔষধ-পাতি, চোৱা-চিতাকে ধৰি সকলো ক্ষেত্ৰত পৰ্যবেক্ষণ কৰিব লাগিব তাৰ ওপৰত আলোচনা কৰা হয়।লগতে এই সকলো কাম কাজ নিয়াৰিকে সম্পন্ন কৰিবলৈ স্থানীয়ভাবে প্ৰতিটো ৱাৰ্ডতে জিলা প্ৰশাসনৰ সহযোগত একোখনকৈ সমিতি গঠন কৰা হয়।
 
 
 
সভাত যোৰহাট জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেবানন্দ দাস,খণ্ড উন্নয়ন বিষয়া তথা টীয়কৰ চক্ৰ বিষয়া আকাশী দুৱৰা, টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপাংকৰ গগৈ,টীয়কৰ বিধায়িকাৰ প্ৰতিনিধি তথা যুৱ নেতা বিকাশ শইকীয়াকে ধৰি ভালে সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..

Leave A Reply

Your email address will not be published.