কৰবী ফুল,নিম,এৰা গছৰ গুটিৰ পৰা জৈৱ ইন্ধন পাব পাৰি-আই আই টি গুৱাহাটী

0 280

গছৰ গুটিৰ পৰাও জৈৱ ইন্ধন পাব পাৰি। এই কথা প্ৰকাশ কৰিছে গুৱাহাটী আই আই টিৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ এদল গৱেষকে।
 
 
 
দেশৰ আগশাৰীৰ এখন জাৰ্ণালত প্ৰকাশ কৰা এক তথ্য অনুসৰি গুৱাহাটী আই আই টিৰ কৌস্তবা মহান্তিয়ে কয় য়ে কেতবোৰ ভক্ষণৰ অযোগ্য গছৰ গুটিৰ পৰা ৰাসায়নিক দ্ৰব্য প্ৰস্তুত কৰি যি তেল পোৱা যায় তাৰ দ্বাৰা জৈৱ ইন্ধন প্ৰস্তুত কৰাটো সম্ভৱ।
 
 
উল্লেখযোগ্য যে ইউৰোপ আৰু আমেৰিকাত ছয়াবিন আৰু বেলিফুলৰ তেলক শোধন কৰি জৈৱিক ইন্ধনলৈ ৰূপান্তৰিত কৰিছে। জাৰ্ণালখনত প্ৰকাশিত তথ্য অনুসৰি নিম, এৰা, কৰবী ফুল, গুলমোহৰ, ৰেইন ট্ৰি আদিৰ পৰা জৈৱ ইন্ধন পাব পাৰি।
 
 
যিসময়ত ভুগৰ্ভস্থ খনিজ তেলৰ পৰিমাণ হ্ৰাস পোৱা বুলি বিভিন্ন মাধ্যমত তথ্য প্ৰকাশিত হৈছে সেই সময়ত গছৰ গুটিৰ পৰাও যে জৈৱ ইন্ধন পাব পাৰি সেই খবৰে আশাব্যঞ্জক বতৰা কঢ়িয়াইছে।

Leave A Reply

Your email address will not be published.