গছৰ পাতত চিত্ৰ অংকন কৰি সমাদৃত ৰূপজ্যোতি

0 280

প্ৰতিভাক কোনোও  বাধা দি ৰাখিব নোৱাৰে। মনত যদি থাকে অদম্য সাহস থাকে,  সেই প্ৰতিভা এদিন নহয় এদিন প্ৰাণ পাই উঠে। আমি আজি এনে এক প্ৰতিভাৰ বিষয়ে জনাম,সেই বিষয়ে শুনিলে হয়তো আপোনালোক আপ্লুত হৈ পৰিব।
 
 
এগৰাকী যুৱক। যুৱকগৰাকীৰ নাম ৰূপজ্যোতি ৰাভা। দক্ষিণ কামৰূপৰ অন্তৰ্গত লোহাৰঘাট মহমাৰাৰ যুৱক ৰূপজ্যোতিৰ আছে এক ব্যতিক্ৰমী  প্ৰতিভা।
 
 
বৰ্তমান ক’ৰণা মহামাৰীৰ ফলত সমগ্ৰ দেশজুৰি চলি আছে লকডাউন। এই সময়ছোৱা অথলে যাবলৈ নিদি ৰূপজ্যোতিয়ে সৃষ্টিশীল কামত ব্যস্ত হৈ পৰিছে। এই লকডাউনৰ মাজতেই ৰূপজ্যোতিয়ে অংকন কৰিছে বহু প্ৰতিছবি। উল্লেখ্য যে কোনোধৰণৰ পেপাৰত এই ছবিসমূহ অংকন কৰা নাই । আৰ্ট পেপাৰৰ পৰিৱৰ্তে ৰূপজ্যোতিয়ে প্ৰতিছবি সমূহ অংকন কৰিছে একোটা আহত গছৰ পাতত।
 
 
ৰূপজ্যোতিয়ে আহত গছৰ সেউজীয়া পাতখিলা একেবাৰে মৰহি যোৱাৰ পূৰ্বতেই প্ৰথমতে তাত অংকন কৰিছিল প্ৰতিছবি সমূহ। তাৰ পিছতেই সেয়া পূৰ্বতকৈও অতি সুক্ষ্মভাৱে ব্লেডেৰে কাটি প্ৰতিছবি সমূহ প্ৰস্তুত কৰি উলিয়াই। মন কৰিবলগীয়া যে  ৰূপজ্যোতিয়ে একেবাৰে হুবহু অসমৰ প্ৰখ্যাত ব্যক্তিৰ প্ৰতিছবি অংকন কৰি উলিয়াইছে ।
 
চিত্ৰ অংকনৰ কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে গছৰ পাতত ৰূপজ্যোতিয়ে অংকন কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা তথা জুবিন গাৰ্গকে ধৰি আৰু বহুকেইগৰাকী বৰেণ্য ব্যক্তিৰ সুন্দৰ প্ৰতিছবি।

Leave A Reply

Your email address will not be published.