ক’ভিড প্রট’কলৰ মাজেৰে দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্রস্তুতি চলিছে৷ মহামাৰীৰ বর্ধিত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি এইবাৰৰ গণৰাজ্য দিৱস উদ্যাপনৰ পৰিসৰ কেতবোৰ ক্ষেত্রত সীমাবদ্ধ থাকিব৷ বিশেষকৈ কোনো ধৰণৰ সাংস্কৃতিক কার্যসূচী নাথাকে বুলি ইতিমধ্যে সদৰী কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ ইয়াৰ মাজতে কোন মন্ত্রী, স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য, উপ–মুখ্য কার্যবাহী সদস্যই কোন জিলাত গণৰাজ্য দিৱসত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব, সেই সন্দর্ভত মুখ্যমন্ত্রী কার্যালয়ৰ তৰফৰ পৰা এক নির্দেশনা জাৰি কৰা হৈছে৷ নির্দেশনাটোত উল্লেখ কৰা মতে মন্ত্রী ৰঞ্জিত কুমাৰ দাসে নলবাৰীত, অতুল বৰাই যোৰহাটত, উর্খাও গৌৰা ব্রহ্মই তামুলপুৰত, চন্দ্রমোহন পাটোৱাৰীয়ে গোৱালপাৰাত, পৰিমল শুক্লবৈদ্যই বঙাইগাঁৱত, কেশৱ মহন্তই ডিব্রুগড়ত, ডাঃ ৰণোজ পেগুৱে শোণিতপুৰত, অশোক সিংহলে কাছাৰত, যোগেন মহনে লখিমপুৰত, সঞ্জয় কিষাণে গোলাঘাটত, অজন্তা নেওগে নগাঁৱত, পীয়ূষ হাজৰিকাই তিনিচুকীয়াত আৰু বিমল বৰাই ধুবুৰী জিলাত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব৷ সেইদৰে বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে কোকৰাঝাৰত, উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ চন্দ্র বসুমতাৰীয়ে ওদালগুৰিত, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে কার্বি আংলঙত আৰু উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছাই ডিমা হাছাও জিলাত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ ৰাষ্ট্রীয় পতাকা৷
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীত বৰহেৰামদো সত্ৰত অসমীয়া প্ৰাচীন পাণ্ডুলিপিৰ অধ্যয়ন আৰু সংৰক্ষণ বিষয়ক কৰ্মশালা সম্পন্ন
- গুণোৎসৱত অংশগ্ৰহণ কৰিলে ৰাজ্যচৰকাৰ শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননী গোপাল মহন্তই- অসম-মেঘালয় সীমান্তৰ এল পি স্কুলৰ গুণোৎসৱৰ কাৰ্যসূচীত জিলা উপায়ুক্তৰ অংশগ্ৰহণ
- অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ সজাগতা সভা
- সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা প্ৰশাসনৰ জনসাধাৰণলৈ গোঁহাৰি
- লোক্ৰাৰ সোণাই নেপালী প্ৰাথমিক বিদ্যালয়ত প্ৰাচীৰ পত্ৰিকা দাপোণ উন্মোচন
- ডেৰ কোটিৰো অধিক টকাৰ যানবাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী
- মেয়ৰ – ডেপুটী মেয়ৰসহ মিত্ৰজোঁটৰ পশ্চিম গুৱাহাটীৰ ১৫ জন পৰিষদক অগপৰ উদ্যোগত সম্বৰ্ধনা
- গুণোৎসৱ উপলক্ষে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মধ্য ইংৰাজী বিদ্যালয় পৰিদৰ্শন
- পলাশবাৰীৰ ৰাজাপুখুৰীত ৰ’দ-কাঁচিয়লী চুইটছ উদ্বোধন
- লোক্ৰাত গুণোৎসৱ-২০২২ সজাগতা ৰেলী আৰু সভা সম্পন্ন