গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰস্তুতি বিহু পৰিবেশনকাৰীসকলৰ পঞ্জীয়নৰ ৱেবপেইজ মুকলি

0 133

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অসমৰ বিহু নাচক স্থান দিয়াৰ অৰ্থে অসম চৰকাৰে একক স্থানত বিহু নৃত্য প্ৰদৰ্শনৰ যি পৰিকল্পনা কৰিছে, সেই উদ্দেশ্যে আজি পৰিবেশনকাৰীসকলৰ অনলাইন পঞ্জীয়নৰ বাবে এক ৱেব পেইজ মুকলি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিহু সমিতিসমূহৰ বিষয় – ববীয়া, মাষ্টাৰ ট্ৰেইনাৰ আদিৰ লগত হোৱা এখন সভাত www.idealinfoz.com /bihu নামৰ ৱেবপেইজটো পৰিবেশনকাৰীসকলৰ পঞ্জীয়নৰ বাবে মুকলি কৰি দিয়ে। ৱেবপেইজটো মুকলি কৰি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কয় যে এইটো কেৱল আবেদনৰ দৰেহে। পঞ্জীয়নৰ পাছত নিৰ্বাচন সমিতিয়ে পৰিবেশনকাৰীসকলক নিৰ্বাচন কৰিব। পঞ্জীয়নৰ শেষ তাৰিখ ১৮ মাৰ্চ ধাৰ্য কৰা হৈছে।

Leave A Reply

Your email address will not be published.