গুৱাহাটী,কামাখ্যা ৰেলৱে ষ্টেচনত আইছ’লেছন ৱাৰ্ডলৈ সাজু কৰা হৈছে ১০০টা ৰেলৰ ডবা

0 287

দেশৰ আন ৰাজ্যৰ লগতে অসমতো শেহতীয়াভাৱে ক’ৰণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত অসম চৰকাৰো উদ্বিগ্ন হৈ পৰিছে।
 
আনহাতে লকডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা জৰুৰী প্ৰয়োজনত হ’লে ক’ৰণা ভাইৰাছত সংক্ৰমিত ৰোগীৰ সংস্পৰ্শলৈ অহা লোকক যাতে ৰাখি প্ৰাথমিক চিকিৎসা প্ৰদানেৰে চিকিৎসকৰ নিৰীক্ষণত ৰাখিব পাৰি তাৰ বাবে ৰে’লৱে মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি দেশৰ আন আন ৰেল মণ্ডলৰ লগতে উত্তৰ পূৱ সীমান্ত ৰে’লৱে কৰ্তৃপক্ষইও ইয়াৰ পৰিসৰত থকা প্ৰধান প্ৰধান ষ্টেশ্যন সমূহত কেবাখনো বাতানুকুলবিহীন তথা এ চি নথকা যাত্ৰীবাহী ৰে’লৰ ডবাক আইছ’লেছন ৱাৰ্ড ডবালৈ উন্নীত কৰিছে।
 
 
 
উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে ইয়াৰ পৰিসৰত থকা প্ৰধান ষ্টেশ্যনসমূহত এই পৰ্যন্ত২৫০০খন আইছ’লেছন বিচনা সাজু কৰি ৰখা হৈছে।
 
 
ইয়াৰ ভিতৰত গুৱাহাটী আৰু কামাখ্যা ষ্টেশ্যনত ৫০টাকৈ মুঠ ১০০টা ডবাক আইছ’লেছন ৱাৰ্ডলৈ উন্নীতকৰণ কৰি তোলা হৈছে।ইয়াৰে প্ৰতিটো ডবাত আঠ গৰাকীকৈ লোকক ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰোপৰি ৰে’লৰ ডবা তথা আইছ’লেছন ৱাৰ্ডত থকা লোকৰ চিকিৎসাৰ বাবে ৰে’লৱেৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দলো সাজু কৰি ৰখা হৈছে।
 
 
তেনেদৰে অক্সিজেনৰ চিলিণ্ডাৰ পৰ্যন্ত ৰখাৰ লগতে উক্ত দুয়োটা ষ্টেশ্যনতে ৪০০কৈ মুঠ ৮০০জন লোকক ৰখাৰ বাবে ১০০টা ডবা সাজু কৰা হৈছে বুলি জনায় জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যই।

Leave A Reply

Your email address will not be published.