অসমীয়া সংস্কৃতি প্ৰায় তিনি হেজাৰ বছৰ পুৰণি। অসমীয়া সাহিত্য-সংস্কৃতি বৰ পৰিপাটি নহয়। যাৰ ফলত অসমৰ সাহিত্য-সংস্কৃতি বিশ্বত প্ৰতিষ্ঠা লাভত ব্যাপক ভাৱে বিঘিনি ঘটিছে। কিন্তু অসমীয়া সাহিত্য-সংস্কৃতি বিশ্বৰ ভিতৰতে অতি আগবঢ়া। আজি গুৱাহাটীৰ চানমাৰিস্থিত “নিৰাময় ভৱন” প্ৰাংগণত প্ৰতিষ্ঠিত প্ৰকাশন প্ৰতিষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত বিশিষ্ট সংগীতজ্ঞ, গীতিকাৰ, লেখক অবনী ৰঞ্জন পাঠকৰ প্ৰবন্ধ সংকলন “অসমীয়া সংস্কৃতিৰ প্ৰসংগত”, ভ্ৰমণ কাহিনী গ্ৰন্থ ” বাটৰুৱাৰ বাট ইউৰোপলৈ” আৰু গীতিকাৰ, কবি শচীন দাসৰ কবিতা সংকলন “ভগা আইনাৰ টুকুৰাবোৰ”, গীতৰ পুথি “পথাৰৰ পকা ধানে সোধে” উন্মোচন কৰি প্ৰসিদ্ধ শিক্ষাবিদ, চিন্তাবিদ, বুদ্ধিজীবী ড০ দয়ানন্দ পাঠকে এনেদৰে কয়। বিশিষ্ট পণ্ডিত ড০ পাঠকে আৰু কয়- অসমীয়া গ্ৰন্থ ইংৰাজী, হিন্দী ভাষালৈ অনুবাদ হ’ব লাগে। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, শ্ৰীমাধৱদেৱৰ নাটক ইংৰাজীলৈ অনুবাদ হোৱা বাবে ইউৰোপ, স্কটলেণ্ড, অষ্টিয়া আদি দেশত মঞ্চস্থ হৈছে। ইংৰাজীৰ পৰা পাৰ্চী, ফৰাছী আদি ভাষালৈ অনুবাদ হ’ল। বিশ্বৰ সাহিত্য- সংস্কৃতিৰ ক্ষেত্রখনত প্ৰতিষ্ঠা লাভৰ বাবে ইংৰাজী, হিন্দী ভাষা জানিব পাৰিলে ভাল। বৰ নিতান্তই প্ৰয়োজন। শিল্পী কবিতা বৰুৱাৰ সৰস্বতী বন্দনাৰে আৰম্ভ কৰা সভাত ভাষণ দি ত্ৰিপুৰা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই কয়- লিখকে লিখি যায়। পাঠকে পঢ়ি ইয়াক ৰসাস্বাদন কৰিব। মানুহৰ গভীৰ চিন্তা, প্ৰজ্ঞাৰে অনুধাবন কৰিব লাগে। চিন্তাৰ কোনো পৰিধি নাই। আজিৰ উন্মোচিত ৪খন গ্ৰন্থ এক অন্যন্য দলিল বুলিব পাৰি। পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক, লেখক দীপক শৰ্মাই আঁত ধৰা সভাত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক তথা বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই কয়- আজি লেখকৰ সংখ্যা বাঢ়িছে। ই শুভ লক্ষণ। কিন্তু লেখকৰ মনোভাব বৰ চিন্তনিয়। ৬ প্ৰকাৰৰ লেখক সৃষ্টি হৈছে। ইয়াৰ মাজত সমাজৰ দায়বদ্ধতাশীল লেখকৰ সংখ্যা কম। সমাজ সচেতন সৃষ্টিৰাজিয়ে, সমাজ জীৱন গঢ়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। ড০ ভূপেন হাজৰিকাৰ উদাহৰণ দাঙি ধৰি অবনী ৰঞ্জন পাঠক, শচীন দাসৰ সৃষ্টি অতি উল্লেখযোগ্য বুলি দোকানে। অনুষ্ঠানত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ সভাপতি ধীৰেণ শৰ্মা, সচিব প্রধান কমল কলিতা, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্ৰহ্ম, বিশিষ্ট সংগীত শিল্পী কমল কটকী বিশিষ্ট অতিথিৰ ভাষণত সাম্প্রতিক সময়ৰ সাহিত্য চৰ্চা, ইয়াৰ নিৰপেক্ষ বিশ্লেষণ, গতি-প্ৰকৃতিৰ ওপৰত বক্তব্য দাঙি ধৰে। অনাতাঁৰ শিল্পী দ্বিজেন কাকতীয়ে ভূপেন্দ্র সংগীত পৰিবেশন কৰা সভাত কটন বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড০ অপৰ্ণা বুজৰবৰুৱা, সংগীত পৰিচালক অতুল মেধি, শিলচৰৰ লেখিকা মঞ্জু সিনহা, কবি-গীতিকাৰ শান্তিশ্রী দত্ত, সদৌ ভাৰত কানাডা বেংক অফিচাৰ্স এচচিয়েছনৰ সাধাৰণ সম্পাদক ভৱ ডেকা, নতুন সাহিত্য পৰিষদৰ বিষয়ববীয়া অনিল চৌধুৰী, আকাশবাণী,গুৱাহাটীৰ প্ৰাক্তন বিষয়া মনোৰঞ্জন দাস, গায়িকা কনিকা ভট্টাচার্য, গায়িকা মীৰা চহৰীয়া, জাতীয়তাবাদী সুৰক্ষা পৰিষদৰ সভাপতি মহেন্দ্র দাস , বিশিষ্ট সাংস্কৃতিক অনুষ্ঠান “সুৰতীৰ্থ”, সাহিত্যানুষ্ঠান “বহুবাক” আদি বিশিষ্ট ব্যক্তি, দল-অনুষ্ঠানৰ মুৰব্বী উপস্থিত আছিল। অনুষ্ঠানত লেখকদ্বয় অবনী ৰঞ্জন পাঠক, শচীন দাসেও বক্তব্য দাঙি ধৰে।
Trending
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান