গুৱাহাটীত মুকলি হ’ল আন ৩খনকৈ ফুট অভাৰব্ৰীজ

0 306

আজি মুকলি কৰা হ’ল বহু প্ৰতিক্ষিত কামাখ্যাগেট, গণেশগুৰি আৰু খানাপাৰাৰ ফুট অভাৰ ব্ৰীজ। লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজলৈ উৎসৰ্গা কৰে এই ফুট অভাৰব্ৰীজ ৩খন।
কামাখ্যাগেটৰ ফুট অভাৰব্ৰীজ সন্দৰ্ভত মন্ত্ৰী ড° শৰ্মাৰ মন্তব্য এতিয়াৰে পৰা এই ফুট অভাৰব্ৰীজৰ বাবে কামাখ্যা দৰ্শনৰ লগতে অম্বুবাচী মেলাৰ সময়ত সুবিধা হব দৰ্শনাৰ্থীৰ। ইফালে কামাখ্যাৰ পাছতে মুকলি কৰা হয় গণেশগুৰি ফুট অভাৰব্ৰীজ। এই ফুট অভাৰব্ৰীজে যান যঁটৰ সমস্যা ব্যাপক হাৰত ৰোধ কৰিবলৈ সক্ষম হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
আনহাতে খানাপাৰাত তাজ ভিভাণ্টাৰ সন্মুখত নিৰ্মিত ফুট অভাৰব্ৰীজ মুকলি কৰি মন্ত্ৰী ড° শৰ্মাই কয় যে এই ফুট অভাৰব্ৰীজখন পৃথক ধৰণৰে নিৰ্মাণ কৰা হৈছে। ইয়াত অসমত উপলব্ধ বাঁহ ব্যৱহাৰ কৰি নান্দনিক দৃশ্য দিবলৈ চেষ্টা কৰা হৈছে।
উল্লেখ্য যে আজি দিনটোৰ পৰ্যন্ত ৯ খন ফুট অভাৰব্ৰীজৰ ভিতৰত ৫ খন ফুট অভাৰব্ৰীজ মুকলি কৰা হ’ল। অহা ৩১ মাৰ্চৰ পূৰ্বে মুকলি হ’ব আন ৪ খন ফুট ব্ৰীজ।

Leave A Reply

Your email address will not be published.