গ্ৰাহকক গুণগত মানদণ্ডৰ খাদ্য যোগানৰ ক্ষেত্রত আগবঢ়োৱা সেৱাৰ বাবে গুৱাহাটীৰ পিজ্জা ৰেষ্টুৰেণ্টলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ “EAST at the Indian Restaurant Award 2021 ” শীর্ষক বঁটা । নতুন দিল্লীৰ পুলমান এৰোচিটিত ১৭ ডিচেম্বৰত আয়োজিত দশম বাৰ্ষিক ইণ্ডিয়ান ৰেষ্টুৰেণ্ট কংগ্ৰেছৰ সভাত এই বঁটা প্ৰদান কৰা হয় । বঁটা গ্ৰহণ কৰে পিজ্জা ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী বিনয় চামাৰীয়াই । আনহাতে বঁটা প্ৰদান অনুষ্ঠানত বাৰ্গাৰ কিঙৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজীৱ বৰ্মন , ফ্ৰেঞ্চাইছি ইণ্ডিয়াৰ সম্পাদক ৰীতু মাৰীয়াকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । বঁটা গ্ৰহণ কৰি বিনয় চামাৰীয়াই কয় এই সন্মানৰ বাবে আমাৰ গ্ৰাহক , কৰ্মচাৰী সকলোৰে সততা , নিষ্ঠা আদিৰ সমূহীয়া প্ৰচেষ্টাৰ ফল । উল্লেখযোগ্য যে ২০২০ বর্ষত পিজ্জা ৰেষ্টুৰেণ্টলৈ গুৱাহাটী ফুড এৱাৰ্ড আৰু ২০১৯ বর্ষত ইটালিয়ান ৰেষ্টুৰেণ্ট এৱাৰ্ড লাভ কৰিছিল । কিছুদিন পূৰ্বে তেওঁলোকে ডাৰ্ক কিটছেন মুকলি কৰিছে । যত পৰম্পৰাগত ভাৰতীয় খাদ্য সম্ভাৰৰ উপৰিও ৰাজস্থানী খাদ্যয়ো উপলব্ধ হৈছে ।
Trending
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা