মহাৰাষ্ট্ৰৰ অন্যতম ব্যস্ত চহৰ পুণেৰ সৈতে ১৫ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিছে বিমান সেৱা প্ৰদানকাৰী সংস্থা ইণ্ডিগ’ৱে । উল্লেখযোগ্য যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা দৈনিক নিশা ১০.৪০ বজাত পুণে অভিমুখে উৰা মৰা বিমানখন মাজনিশাৰ পাছত ২.১৫ বজাত গৈ পুণে বিমান বন্দৰত অৱতৰণ কৰিব । তেনেদৰে পুণেৰ পৰা দৈনিক মাজনিশা ২.৫০ বজাত বৰঝাৰ অভিমুখে উৰা মৰা বিমানখন পুৱা ৬.০৫ বজাত আহি বৰঝাৰ পাব।আনহাতে ১৫ ডিচেম্বৰৰ নিশা এই উপলক্ষে বৰঝাৰ বিমান বন্দৰত আয়োজিত অনুষ্ঠানত নতুন দিল্লীৰ পৰা মুখ্য অতিথি হিচাপে ভাগ লৈ ভাৰ্চুৱেলযোগে বিমান সেৱাৰ শুভাৰম্ভ কৰে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।তেনেদৰে বৰঝাৰ বিমান বন্দৰত নিশা বন্তি প্ৰজ্বলনৰে গুৱাহাটী – পুণেৰ মাজত বিমান সেৱাৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ দক্ষতা বিকাশ , পৰিবহণ , উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।চমু ভাষণত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই পোনপটীয়া বিমান সেৱাৰ দ্বাৰা পুণেত অধ্যয়নৰত হাজাৰ হাজাৰ ছাত্ৰ – ছাত্ৰী উপকৃত হব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত ইণ্ডিগ’ৰ মুখ্য ৰাজহ বিষয়া সঞ্জয় কুমাৰে ভাষণত গুৱাহাটীৰ উপৰিও অসমৰ ডিব্ৰুগড় , শিলচৰ আৰু যোৰহাটৰ সৈতে দেশৰ অন্য প্ৰান্তৰ পৰা সপ্তাহত প্ৰায় ৫০০ তকৈ অধিক বিমান পৰিচালনা কৰি আহিছে বুলি সদৰি কৰে।
Trending
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ