মহাৰাষ্ট্ৰৰ অন্যতম ব্যস্ত চহৰ পুণেৰ সৈতে ১৫ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিছে বিমান সেৱা প্ৰদানকাৰী সংস্থা ইণ্ডিগ’ৱে । উল্লেখযোগ্য যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা দৈনিক নিশা ১০.৪০ বজাত পুণে অভিমুখে উৰা মৰা বিমানখন মাজনিশাৰ পাছত ২.১৫ বজাত গৈ পুণে বিমান বন্দৰত অৱতৰণ কৰিব । তেনেদৰে পুণেৰ পৰা দৈনিক মাজনিশা ২.৫০ বজাত বৰঝাৰ অভিমুখে উৰা মৰা বিমানখন পুৱা ৬.০৫ বজাত আহি বৰঝাৰ পাব।আনহাতে ১৫ ডিচেম্বৰৰ নিশা এই উপলক্ষে বৰঝাৰ বিমান বন্দৰত আয়োজিত অনুষ্ঠানত নতুন দিল্লীৰ পৰা মুখ্য অতিথি হিচাপে ভাগ লৈ ভাৰ্চুৱেলযোগে বিমান সেৱাৰ শুভাৰম্ভ কৰে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।তেনেদৰে বৰঝাৰ বিমান বন্দৰত নিশা বন্তি প্ৰজ্বলনৰে গুৱাহাটী – পুণেৰ মাজত বিমান সেৱাৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ দক্ষতা বিকাশ , পৰিবহণ , উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।চমু ভাষণত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই পোনপটীয়া বিমান সেৱাৰ দ্বাৰা পুণেত অধ্যয়নৰত হাজাৰ হাজাৰ ছাত্ৰ – ছাত্ৰী উপকৃত হব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত ইণ্ডিগ’ৰ মুখ্য ৰাজহ বিষয়া সঞ্জয় কুমাৰে ভাষণত গুৱাহাটীৰ উপৰিও অসমৰ ডিব্ৰুগড় , শিলচৰ আৰু যোৰহাটৰ সৈতে দেশৰ অন্য প্ৰান্তৰ পৰা সপ্তাহত প্ৰায় ৫০০ তকৈ অধিক বিমান পৰিচালনা কৰি আহিছে বুলি সদৰি কৰে।
Trending
- তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি
- আপেন চিগনেল (Opensignal ) তথ্য অনুসৰি এয়াৰটেল হৈছে অসমৰ শীর্ষস্থানীয় মোবাইল নেটৱৰ্ক সেৱা প্রদানকাৰী
- মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- সামাজিক মাধ্যমত শুদ্ধ ৰূপত ভাষা চৰ্চাৰ লগতে ৰোমান লিপিৰে অসমীয়া লিখাৰ প্ৰৱণতা আমি পৰিহাৰ কৰা উচিত : সিংহল
- দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন ২০২৪
- জনসজাগতা মূলক কাৰ্য্যসূচী ৰূপায়ন
- পামহী আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ আয়োজন -লাইখুটা স্থাপন
- লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন
- বৰপেটা জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিভিন্ন আচঁনিৰ ৰূপায়নৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- মেৰা যুৱ ভাৰত অভিযানৰ প্ৰথম বাৰ্ষিকী সম্পন্ন