গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েচন আৰু গুৱাহাটী উচ্চ ন্যায়ালয় অধিবক্তা সন্থাৰ সহযোগত ‘সংবিধান দিৱস’ উদযাপন কৰে৷ উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ন্যায়াধীশ মানস ৰঞ্জন পাঠক, ন্যায়াধীশ অজিত বৰঠাকুৰ, ন্যায়াধীশ মনীষ চৌধুৰী, ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি, মিজোৰাম চৰকাৰৰ মহাধিবক্তা দিগন্ত দাস প্ৰমুখ্যে কেবাগৰাকী ন্যায়াধীশ, জ্যেষ্ঠ অধিবক্তা, ন্যায়ালয়ৰ বিষয়া আৰু বহুসংখ্যক অধিবক্তা উপস্থিত থাকে৷ ন্যায়াধীশ মানস ৰঞ্জন পাঠকে আদৰণি ভাষণত ভাৰতৰ সংবিধান প্ৰস্তুতৰ সমগ্ৰ প্ৰক্ৰিয়াৰ ব্যাখ্যা আগবঢ়ায়৷ ন্যায়াধীশ অজিত বৰঠাকুৰে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা, মৌলিক অধিকাৰ, মৌলিক কৰ্তব্যৰ গুৰুত্বৰ বিস্তৃত ব্যাখ্যা কৰে৷ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে আজিৰ দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰি সংবিধানৰ নীতি-আদৰ্শ ৰক্ষা কৰাৰ সংকল্পৰ কথা দোহাৰে৷ মিজোৰাম চৰকাৰৰ মহাধিবক্তা দিগন্ত দাসে সংবিধানৰ প্ৰস্তুতি প্ৰক্ৰিয়া আৰু ইয়াৰ আদৰ্শ ৰক্ষাত ন্যায়পালিকাই লোৱা ভূমিকাৰ কথা উল্লেখ কৰে৷ ন্যায়াধীশ মনীষ চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়াই৷উল্লেখ্য যে,১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হৈছিল আৰু ২০১৫ চনত ভাৰত চৰকাৰে এই দিনটো সংবিধান দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন