বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোগত কালি গুৱাহাটী প্ৰেছ ক্লাবত বঁটা প্ৰদান আৰু গ্ৰন্হ উন্মোচনী সভা অনুষ্ঠিত হয়৷ গোষ্ঠীৰ সভাপতি তথা সাংবাদিক নিপজ্যোতি মেধিয়ে আঁত ধৰা সভাত কবি,লেখিকা ৰুণু দেৱী শৰ্মাৰ ইংৰাজীলৈ অনুবাদ কৰা ’ৱমেন এড’ৰেদ’ নামৰ কাব্য গ্ৰন্হখনি বহু ভাষিক কবি সন্মিলনৰ সভাপতি অজিত দত্তই উন্মোচন কৰে৷আন এখন কাব্যগ্ৰন্হ কবি,লেখিকা চিত্ৰা বৰ্মনৰ ’পহিলা মাঘৰ কুঁৱলী’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ৰিজু হাজৰিকাই৷ সভাত সাহিত্যিক ড° ডালিমী কোঁৱৰ,ৰত্নেশ্বৰ বসুমতাৰী,ডা° অঞ্জনজ্যোতি চৌধুৰী,ডা° ৰুবী কটকী,ৰোনাল্ডো টাইড উপস্হিত থাকে৷এই সভাতে সদৌ অসম ভিত্তিত আয়োজিত পাঞ্জাবাৰী নিবাসী,সমাজসেৱক প্ৰয়াত দিবাকৰ শৰ্মা সোঁৱৰণী কবিতা প্ৰতিযোগিতাৰ ১৪ জন নিৰ্বাচিত প্ৰতিযোগীক পুৰস্কাৰ প্ৰদানৰ লগতে শিক্ষা, সাহিত্য, সংস্কৃতি, সংবাদ সেৱা,সমাজসেৱা আদিৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱাৰ বাবে প্ৰশান্ত তালুকদাৰ,ড° ডালিমী কোঁৱৰ,কিৰণ বৰা,কিৰণ দাস,শ্ৰীধৰ ডেকা,গোবিন্দ কলিতা,ইৰাৱতী দাস মালী,সজিতা বৈশ্য,মনপ্ৰভা হাজৰিকা,জিতু দত্ত,নিৰ্মলা শৰ্মা,ৰীতামণি বৰদলৈ,দেৱী প্ৰসাদ অধিকাৰী,অতুল কুমাৰ বৰ্মন,বিৰজা হাজৰিকা, মালবিকা ভাগৱতী,ৰুণু দেৱী শৰ্মা,উষা দেৱী,কৃষ ৰাজবংশী,কেশৱ বৰাক ’সুন্দৰ সাধনা’ বঁটা প্ৰদান কৰা হয়৷
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডলী চৌধুৰী আৰু ভুবন চুতীয়াক ৰাষ্ট্ৰপতিৰ মাই ভাৰত এন এছ এছ ৰাষ্ট্ৰীয় বঁটা প্ৰদান
- NSE to build 380cr, 60-bed unit for Tata Memorial Centre at Navi Mumbai
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গ্ৰন্থ উন্মোচনী, কবিতা পাঠ আৰু সম্বৰ্ধনা অনুষ্ঠান
- মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী – মুম্বাই সাহিত্য সভাৰ উদ্যোগত মানৱ দৰদী শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
- যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন
- বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীত ‘স্বচ্ছতা’ অভিযান
- NSE registered investor base crosses 12 crore (120 million) unique investors (unique PANs)
- জুবিন গাৰ্গলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ শ্ৰদ্ধাঞ্জলি
- ছত্তীশগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা -দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা
- জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে পথিকে