শৈক্ষিক দিশৰ লগতে ক্ৰীড়াক্ষেত্ৰতো উৎকৰ্ষ সাধনৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ অসম ভিত্তিত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮ খন বিশ্ববিদ্যালয়ৰ ২০০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই ভাষণ প্ৰসংগত বৰ্তমান সময়ত শৈক্ষিক পাঠ্যক্ৰমত ক্ৰীড়াৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয় যে, “বৰ্তমান সময়ত শিক্ষাৰ সমান্তৰালভাৱে ক্ৰীড়াৰ ভূমিকাও অত্যন্ত গুৰুত্বপূৰ্ণ । সেই উদ্দেশ্যে আগত ৰাখিয়েই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমতো ক্ৰীড়াক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অংকুৰ ভৰালীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উক্ত পদক্ষেপক প্ৰশংসা কৰি কয় যে, “ৰাজ্যখনত ক্ৰীড়া সংস্কৃতি অধিক শক্তিশালী কৰি তুলিবলৈ এইধৰণৰ প্ৰতিযোগিতা অত্যন্ত প্ৰয়োজনীয়। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই ভাষণ প্ৰসংগত সময়ে সময়ে প্ৰয়োজনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ক সহায় সহযোগিতা আগবঢ়াই অহা যুৱ কল্যাণ বিভাগক ধন্যবাদ জ্ঞাপন কৰি বিশ্ববিদ্যালয়সমূহৰ মাজত সম্প্ৰীতি, সমন্বয় আৰু সুস্থ ক্ৰীড়াসুলভ মানসিকতা গঢ়ি তোলাত এনে প্ৰতিযোগিতাসমূহে বিশেষ ভূমিকা পালন কৰে বুলি উল্লেখ কৰে। আনহাতে উদ্বোধনী অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমূহৰ সচিব অধ্যাপক সঞ্জয় কুমাৰ সিং, ছাত্ৰ কল্যাণ সঞ্চালক আৰু বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ সাধাৰণ সম্পাদক ডঃ ৰঞ্জন কুমাৰ কাকতি, উপ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ কুলদীপ পাটগিৰি, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি গুঞ্জন ডেকা সমন্বিতে অধ্যাপক তথা খেলুৱৈসকল উপস্থিত থাকে।
Trending
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ