গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীত বৰহেৰামদো সত্ৰত অসমীয়া প্ৰাচীন পাণ্ডুলিপিৰ অধ্যয়ন আৰু সংৰক্ষণ বিষয়ক কৰ্মশালা সম্পন্ন

0 262

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৭৫ বছৰত ভৰি দিয়া উপলক্ষে পালন কৰি অহা মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ পাণ্ডুলিপি শাখা আৰু মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পুথিভঁৰালৰ যৌথ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহাসিক বৰহেৰামদো সত্ৰ চৌহদত ২২ মে’ত “অসমীয়া প্ৰাচীন পাণ্ডুলিপিৰ অধ্যয়ন আৰু সংৰক্ষণ” বিষয়ক এখন কৰ্মশালা অনুষ্ঠিত হৈ যায় । বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সত্ৰখনৰ বুঢ়া সত্ৰাধিকাৰ উমেশ মহন্ত অধিকাৰীয়ে । আনহাতে সত্ৰৰ গায়ন শিল্পী ভাৰত চন্দ্ৰ মহন্তৰ এটি বৰগীত পৰিবেশনৰে আৰম্ভ হোৱা কৰ্মশালাখন উদ্ধোধন কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নবজ্যোতি দাসে আৰু সঞ্চালনা কৰে অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০ সুনীল তালুকদাৰে । আনহাতে বিভিন্ন মহাবিদ্যালয়ৰ ৪১ জন ছাত্ৰ – ছাত্ৰীয়ে ভাগ লোৱা কৰ্মশালাত নিৰ্দিষ্ট বক্তা হিচাপে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ তত্বাৱধায়ক ডঃ সঞ্জয় সিং , আমন্ত্ৰিত অতিথি হিচাপে সত্ৰখনৰ ডেকা সত্ৰাধিকাৰ ধীৰেন মহন্ত অধিকাৰী , দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক হিমাদ্রিময়ী বৰা , সহকাৰী অধ্যাপক এডৱাৰ্ড ষ্টেডি এন চাংমা কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ সহকাৰী গ্ৰন্থাগাৰিক নিত্যানন্দ পাঠক , অভিলেখাগাৰ সহায়ক ধনজিৎ তালুকদাৰৰ উপৰি জিতেন মহন্ত , মুকুল মহন্ত , ক্ষীৰোড বৰুৱাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । শেষত শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সমন্বয়ক ধনমণি দাসে।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.