গেৰুৱা বসন পিন্ধিলে ৰূপজ্যোতি কুৰ্মীয়ে

0 223

আজি বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে।দলীয় নেতৃত্বৰ ওপৰত অসন্তুষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত তেওঁ যোগদান কৰে।উল্লেখযোগ্য যে ইতিপূৰ্বে তেখেতে কংগ্ৰেছৰ পৰা চাৰিবাৰ বাবে বিধায়কগৰাকীয়ে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি ধেমাজিৰ NHPC প্ৰেক্ষাগৃহত বিজেপিত যোগদান কাৰ্যসূচীত ৰূপজ্যোতি কুৰ্মীয়ে যোগদান কৰে।বিজেপিত যোগদান কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে,”কংগ্ৰেছ দল এতিয়া ভিজনহীন৷দলে মূল কৰ্মীক গুৰুত্ব প্ৰদান নকৰে৷কংগ্ৰেছ দলটোৱে ডেকা চামক নিবিচাৰে।ডেকা চামকো যে এটা সুযোগ দিব লাগে সেইটো কংগ্ৰেছ দলে বুজিবলৈ চেষ্টা নকৰিলে।

Leave A Reply

Your email address will not be published.