গৰীবৰ বন্ধু বিৰাজ হাজৰিকাই লাভ কৰিছে ২০২০ বৰ্ষৰ ড০ এ পি জে আব্দুল কালাম এক্সেলেন্স এৱাৰ্ড।২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ৰং ভৱনত দ্য জাৰ্নেলিষ্ট ভইচে আয়োজন কৰা এক অনুষ্ঠানত সমাজ সেৱাৰ বাবে তেওঁক এই বঁটা লাভ কৰে। ২০১০ চনৰে পৰা একেৰাহে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ মাজত কাপোৰ,খাদ্য যোগান ধৰি তেওঁ নিজৰ মহানুভৱতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।জন্মস্থান মঙলদৈ দলগাঁৱৰ বিৰাজ হাজৰিকাই কয় যে মই সৰুৰে পৰা যিটো পৰিৱেশত ডাঙৰ হৈছো,সেই পৰিবেশৰ বাবেই এই কাম কৰিবলৈ আগ্রহ জন্মিলে।বৰ্তমান অসমৰ কেইবাখনো ঠাই শিৱসাগৰ,তিনিচুকীয়া,দুলিয়াজান আৰু লক্ষীমপুৰত ৰুটি আৰু কাপোৰ বেংক আছে।দুখীয়া মানুহৰ সহায় হোৱাকৈ এই পদক্ষেপ লোৱা হৈছে।পেচাত সেনা বিভাগৰ কৰ্মচাৰী বিৰাজ হাজৰিকাই নিজ কৰ্মৰ সমান্তৰালকৈ সমাজ সেৱাও কৰি গৈছে।উল্লেখযোগ্য যে তেওঁ মৰিগাঁৱত এখন বৃদ্ধাশ্রম প্ৰতিষ্ঠা কৰিব।ইতিমধ্যে মাটি ক্রয় কৰিছে আৰু অহা বছৰৰ পৰা ইয়াৰ কাম আৰম্ভ কৰিব বুলি জানিবলৈ দিছে সেমাজ সেৱক বিৰাজ হাজৰিকাই।উল্লেখযোগ্য যে তেওঁ এই বৰ্ষৰ বিজু ফুকন বঁটা লাভ কৰিবলৈ সক্ষম হয়।যোৱা ২৭ জানুৱাৰীত নেডফি হাউচত অনুষ্ঠিত বিজু ফুকন এৱাৰ্ড অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
Thank you so much