আৰ্ন্তজাতিক স্তৰত শঙ্কৰী সাহিত্য সংস্কৃতিৰ প্ৰচাৰৰ বাবে কাম কৰি অহা সংস্থা ছচাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশনখন আজি নগাঁৱৰ খুটিকটিয়াস্থিত ডি আৰ টি হলত সংস্থাৰ সভাপতি ড° সঞ্জীৱ কুমাৰ বৰকাকতিৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় । শিল্পী কাকলি শইকীয়াই এটি বৰগীতেৰে আৰম্ভ কৰা উক্ত সভাখনত চ’চাইটিৰ সম্পাদক মৃদু মৌচম বৰাই বিগত বৰ্ষ সমূহৰ প্ৰতিবেদন পাঠ কৰাৰ লগতে চ’চাইটিয়ে বিগত সময়ছোৱাত গুৰুজনাৰ সৃষ্টি ৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গ্ৰহণ কৰা স্থায়ী কৰ্মৰাজিৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়।তদুপৰি বিগত দুটা বৰ্ষত চ’চাইটিয়ে ইকমচ আৰু ডেলফিক কাউন্সিলৰ সহযোগত অনুষ্ঠিত কৰা ৱেবিনাৰ সমূহৰ বিষয়েও অৱগত কৰে।আনহাতে ব্ৰজাৱলী ভাষা আৰু সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতকৰণৰ বিষয়ে চ’চাইটিয়ে অনুষ্ঠিত কৰা কৰ্মশালা সমূহে কিদৰে সাফল্য লাভ কৰিছিল সেই বিষয়েও বিতংভাবে জনায়।আজিৰ সভাত পুৰণি কমিটি ভঙ্গ কৰি আগন্তক তিনি বছৰীয়া কাৰ্যকালৰ বাবে ড° সঞ্জীৱ কুমাৰ বৰকাকতীক সভাপতি, মৃদু মৌচম বৰাক সম্পাদক, প্ৰদীপ হাজৰিকাক সমন্বয়ক, জোন ৰাজখোৱাক কোষাধ্যক্ষ, ড°বুলজিৎ বুঢ়াগোহাঁইক প্ৰচাৰ সম্পাদক, ৰাজু বৰুৱাক সহকাৰী প্ৰচাৰ সম্পাদক আৰু পাপু দাসক সহকাৰী সাধাৰণ সম্পাদক হিচাপে বাচনি কৰি ২১জনীয়া সমিটিখন পুনৰ গঠন কৰা হয়।আনহাতে আগন্তক বৰ্ষত চ’চাইটিয়ে মহাবিদ্যালয় সমূহৰ সৈতে যুটীয়াভাবে শঙ্কৰী সাহিত্য সংস্কৃতিৰ বিষয়ে কেতবোৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।আজিৰ সভাত ড° সঙ্গীতা বৰা, ইন্দ্ৰনীল গায়ন, ড° মধুচন্দা চলিহা, অমিতাভ বৰা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট শিক্ষাবিদ, লেখক,সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে।এই সভাতেই কেইবাগৰাকীয়েও চ’চাইটিৰ আজীৱন সদস্যপদ গ্ৰহণ কৰে।
Trending
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS