চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ সামৰণি

0 125

এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী টি – টুৱেণ্টী ক্ৰিকেটত চূড়ান্ত বিজয়ী হয় এন ডি ২৪।গুৱাহাটীৰ জজ ফিল্ডত ৩০ মাৰ্চ, বৃহস্পতিবাৰে অনুষ্ঠিত ফাইনেলত অসমীয়া প্ৰতিদিন গ্ৰুপক ৪৫ ৰাণত পৰাস্ত কৰি এন ডি ২৪ দলে যতীন বৰ্মন সোঁৱৰণী ট্ৰফীসহ ১৫ হেজাৰ টকাৰ প্ৰাইজমানি লাভ কৰে।ফাইনেলিষ্ট প্ৰতিদিনে ট্ৰফীসহ লাভ কৰে ১০ হেজাৰ টকা।এন ডি ২৪ দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত২০ অভাৰত ৩ টা উইকেট হেৰুৱাই কৰে ১৯৯ ৰাণ।দলৰ অপেনাৰ ৰঞ্জিৎ চাংমাইয়ে অপৰাজিত ৭৭ ৰাণ কৰে।৫৩ টা বলৰ তেওঁৰ ইনিংছত আছিল ৬ টা বাউণ্ডেৰী আৰু ৪ টা ছিক্সাৰ।ৰাজ হুছেইনে ৫৯ আৰু বাস্তৱ হাজৰিকাই ২৯ ৰাণৰ অৱদান যোগায় ।বলিঙত প্ৰতিদিনৰ পাৰ্থিৱ হাজৰিকা, ৱাছিম আহমেদ আৰু মঞ্জিত শৰ্মাই এটাকৈ উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত অসমীয়া প্ৰতিদিন গ্ৰুপে নিৰ্ধাৰিত অভাৰত ৫ টা উইকেট হেৰুৱাই ১৫৪ ৰাণতে অভিযানৰ অন্ত পেলায়।দলৰ তৌহিদ আলী তালুকদাৰে অপৰাজিত ৬৩, অপেনাৰ জগজিৎ সিঙে ২৭আৰু পাৰ্থিৱ হাজৰিকাই ১৪ ৰাণ কৰে।বলিঙত বাস্তৱ হাজৰিকাই ২ টা, অমিত বড়ো আৰু বিকাশ ছেত্ৰীয়ে এটাকৈ উইকেট দখল কৰে। এই জয়েৰে প্ৰতিদিন গ্ৰুপৰ হাতৰ পৰা নৰ্থ ইষ্ট মিডিয়া ক্ৰিকেটৰ খিতাপ পুনৰুদ্ধাৰ কৰিলে এন ডি ২৪ দলে।ফাইনেলৰ মেন অৱ দ্য মেচ ট্ৰফী লাভ কৰিলে ৰঞ্জিত চাংমাইয়ে।তৌহিদ আলী তালুকদাৰে লাত কৰিলে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ ট্ৰফী।খেলৰ আম্পায়াৰদ্বয় আছিল বুলবুল দাস আৰু বাপন দাস।স্ক’ৰাৰ আৰিফ শ‌ইকীয়া।

পুৱা ফাইনেল মেচ উদ্ধোধন কৰিলে গুৱাহাটী মহানগৰৰ পৌৰপতি মৃগেন শৰণীয়া আৰু মহিলা ক্ৰিকেটাৰ মনীষা দাসে। বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিল প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ দীপ বৰা, বিশিষ্ট ক্ৰীড়াবিদ কল্যাণ কুমাৰ দাস, ট্ৰফীদাতা হিমাংশু অনুপমৰ মাতৃ অন্নদা দাস বৰ্মন,এন বি নিউজৰ মহা প্ৰৱন্ধক দাদুমণি বৰাকে ধৰি বহু বিশিষ্ট লোক।পুৱা অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ আৰু আয়োজক দল মিডিয়া ছুপাৰ কিংছৰ মাজত এখন প্ৰীতি ক্ৰিকেট মেচ অনুষ্ঠিত হয়।

Leave A Reply

Your email address will not be published.