১৪ নৱেম্বৰ তাৰিখে চানভেলি হস্পিটেলে আনবাৰৰ দৰে এইবাৰো বিশ্ব মধুমেহ দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰে।ৰাতিপুৱা ৮-৩০ বজাত স্কুলৰ ছাত্ৰ-ছাত্ৰী,ৰাইজ আৰু হস্পিটেলৰ কৰ্মচাৰী সকলৰ প্ৰায় ২০০ লোকে মধুমেহ ৰোগৰ সজাগতা কাৰণে এটি দৃষ্টিনন্দন শোভাযাত্ৰা আয়োজন কৰে।ৰাতিপুৱা ৯-৩০ বজাৰ পৰা ১১-৩০ বজালৈ মধুমেহ ৰোগৰ বিনামূলীয়া চিনাক্ত কৰণ শিবিৰৰ আয়োজন কৰে আৰু প্ৰায়ে ১২০ জন লোকে ইয়াত যোগদান কৰে।দিনৰ ১০-৩০ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাখনত সভাপতিত্বত কৰে চানভেলি হস্পিটেলৰ চেয়াৰমেন দ্বীপেন শৰ্মা দেৱে।সভাত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰে ভৱদা দেৱী লোকহিতৈষী নয়াসৰ প্ৰতিষ্ঠাপক সভাপতি আৰু ভাৰতীয় বায়ু সেনাৰ অৱসৰ প্ৰাপ্ত গ্ৰুপ কেপ্তেইন অতুল চন্দ্ৰ বৰুৱা দেৱে।সভাৰ আৰম্ভণিত হস্পিটেলৰ পৰিচালনা সঞ্চালক অভয় চন্দ্ৰ হাজৰিকাই চানভেলিৰ জন্মলগ্নৰ পৰা আজিলৈকে মধুমেহ ৰোগৰ ভয়াৱহতাৰ পৰা ৰাইজক সজাগ কৰিবলৈ লোৱা প্ৰচেষ্টাৰ বিষয়ে চমুকৈ ৰাইজক অৱগত কৰে।বিশিষ্ট অতিথি অতুল বৰুৱা দেৱক সমাজৰ বাবে একক প্ৰচেষ্টাৰ দ্বাৰা গঠন কৰা নিৰাশ্ৰয়া মহিলাৰ বাবে গঠন কৰা চেনেহ আৰু অন্যান্য সামাজিক কামৰ বাবে চানভেলিয়ে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।মুকলি সভাত চানভেলি হস্পিটেলৰ ডায়েবেটিচ বিশেষজ্ঞ ডাঃ মুকল বৰাই ডায়েবেটিছ ৰোগৰ কাৰণ আৰু নিয়ন্ত্ৰণ কৰাৰ বিভিন্ন দিশ সম্পৰ্কে ৰাইজক বুজাই দিয়ে।উপস্থিত ৰাইজৰ ফালৰ পৰা বিশিষ্ট বুদ্ধিজীবি ড° পদ্মপানী আৰু চেনেহৰ কৰ্মকর্তা পৰেশ চন্দ্ৰ দেৱ চৌধুৰীয়ে চানভেলিয়ে কৰি অহা ডায়েবেটিছ ৰোগৰ ব্যাপকতাত সমাজৰ চিকিৎসা সেৱাৰ বাহিৰেও ইয়াৰ নিয়ন্ত্ৰণ কাৰণে কৰি অহা সেৱাৰ বাবে ভূয়সী প্ৰশংসা কৰে।মুখ্য অতিথিৰ ভাষণত অতুল বৰুৱাদেৱে বহুতো সাৰুৱা পৰামৰ্শৰে ৰাইজক ডায়েবেটিচ ভয়াৱহতাৰ বিষয়ে বিশদভাৱে অৱগত কৰে। সভাপতি ভাষণত দ্বীপেন শৰ্মাদেৱে চানভেলিয়ে কৰি অহা সকলো সমাজ সেৱাৰ কামতে সহযোগ আৰু সজ পৰামৰ্শ বাবে ৰাইজক ধন্যবাদ দিয়ে।দুপৰীয়া ১২ বজাৰ পৰা ২ বজালৈ জ্যেষ্ঠ নাগৰিকৰ হৃদয়যন্ত্ৰৰ পৰীক্ষা আয়োজন কৰে আৰু প্ৰায়ে ২০ জনৰো অধিক লোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰে।মুকলি সভাখনত আঁত ধৰে চানভেলি অতিৰিক্ত সঞ্চালক ৰজনীকান্ত শৰ্মাই আৰু সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই।
Trending
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ