চিৰিয়াখানা কৰ্তৃপক্ষক মাস্ক বিতৰণ কৰিলে অৰণ্যকে

0 296

সাম্প্ৰতিক সময়ত ক’ৰণা মহামাৰীয়ে বিশ্বজুৰি  ব্যাপক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে। যাৰ বাবে সমগ্ৰ বিশ্ববাসীৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাঘাত হৈ পৰিছে। মহামাৰী ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সকলোৱে সামাজিক দূৰত্ব মানি সকলোৰে দৈনন্দিনৰ প্ৰয়োজনীয় কামসমূহ চলাই নিবলৈ  আগবাঢ়ি আহিছে।
 
ক’ৰণা মহামাৰীৰ পৰা নিজকে সুৰক্ষা দিবলৈ  আগবাঢ়ি আহিছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী বেচৰকাৰী সংগঠন অৰণ্যকে। অৰণ্যকে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে।এই প্ৰচেষ্টাৰ অংশ হিচাপে অৰণ্যক আৰু আছাম লিগেল ছাৰ্ভিছেচ অথৰিটি ৰ যুটীয়া উদ্যোগত অসম ৰাজ্যিক চিৰিয়াখানা আৰু ৰাজ্যৰ উদ্ভিদ উদ্যানলৈ ৫০০খন কাপোৰেৰে বনোৱা মাস্ক প্ৰদান কৰে।মাস্ক সমূহ চিৰিয়াখানাৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ হাতত  অৰ্পণ কৰে।
 
উক্ত অনুষ্ঠানত আছাম লিগেল ছাৰ্ভিছ অথৰিটিৰ কাৰ্যনিৰ্বাহক অধ্যক্ষ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ এন কতিস্বৰ চিংয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰে। এই অনুষ্ঠানত উপস্থিত থাকে আছাম লিগেল ছাৰ্ভিছ অথৰিটিৰ সদস্য সচিব নয়ন শঙ্কৰ বৰুৱা, ডিএফ অ’ টেজছ মৰিস্বামী, অৰণ্যকৰ সচিব প্ৰধান ড. বিভৱ কুমাৰ তালুকদাৰ, মানস ভট্টাচাৰ্য আৰু জয়ন্ত পাঠক। লগতে অনুষ্ঠানটোত উপস্থিত থাকে জিলা আৰু সত্ৰ ন্যায়াধীশ মিচ. মিতালী ঠাকুৰীয়া, এদিজে মিচ. মল্লিকা দত্ত ,এ এছ এল এছ এ ৰ উপসঞ্চালক মিচ. ত্ৰিপ্তী আৰি আৰু আন্দাৰ চেক্ৰেটেৰী মিচ. আয়ুশ্ৰী শ্ৰবন।

Leave A Reply

Your email address will not be published.