চুৱেটাৰ উৎপাদনেৰে জনপ্ৰিয়তা লাভ কৰিছে কিশোৰে

0 363

যিদিনাই মেচিনত হাত দিছো,সেইদিনাই বুজি উঠিছো যে মই এই কামৰ বাবে উপযুক্ত ।এই মন্তব্য ব্যতিক্ৰম ব্যৱসায়ে উদ্ভাসিত হোৱা এগৰাকী উদ্যমীৰ।ব্যতিক্ৰম ব্যৱসায় বোলা কাৰণ হ’ল তেখেতে সচৰাচৰ আমাৰ মানুহে নকৰা ব্যৱসায় কৰি বৰ্তমান সময়ত চৰ্চিত হৈ পৰিছে।কিয়নো নলবাৰীৰ কিশোৰ কুমাৰ দাসৰ পূজা উদ্যোগত উৎপাদিত চুৱেটাৰে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ।বিশেষকৈ ঠাণ্ডা দিনত পূজা উদ্যোগত উৎপাদিত চুৱেটাৰ গ্ৰাহক সকলৰ মাজত সমাদৃত হৈছে। এই সম্পৰ্কে কিশোৰ কুমাৰ দাসে এনেদৰে কয়-২০১১চনত পূজা উদ্যোগ আৰম্ভ কৰিছিলো।প্ৰথমে দুই এক চিনা জনা মানুহক কম মূল্যত চুৱেটাৰ যোগান ধৰিছিলো।সময়ৰ লগে লগে ইজনে সিজনে পূজা উদ্যোগক জনা হ’ল আৰু লগতে গ্ৰাহকৰ চাহিদাও বৃদ্ধি পালে।বৰ্তমান সময়ত গ্ৰাহকৰ পৰা খুব ভালধৰণৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছো।মাত্ৰ১৭০০ টকা সূতাৰে ব্যৱসায় আৰম্ভ কৰা পূজা উদ্যোগ বৰ্তমানে লেখতল’বলগীয়া ব্যৱসায়ত পৰিণত হৈছে ।কিশোৰ কুমাৰ দাসৰ আশা অনাগত দিনত নিবনুৱা সকলৰ সহায়ক হোৱাকৈ প্ৰশিক্ষণ প্ৰদান কৰা।ব্যতিক্ৰম ধৰণৰ ব্যৱসায়ৰ জৰিয়তে অসমীয়াগিৰিৰ প্ৰদৰ্শন কৰা কিশোৰ কুমাৰ দাসক এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা  অলেখ অভিনন্দন জনালো।

Leave A Reply

Your email address will not be published.