ছয়গাঁও স্থায়ী দোকানী সন্থাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ আগবঢ়ালে ৩০ হাজাৰ টকা

0 235

মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ছয়গাঁও স্থায়ী দোকানী সন্থাই ৩০ হাজাৰ টকাৰ চেক প্ৰদান কৰে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ছয়গাঁৱৰ স্থায়ী দোকানী সন্থাই যোৱা ১৬ জুনত ছয়গাঁৱৰ ৰাজহ চক্ৰ বিষয়া জয়ন্ত বৰাৰ জৰিয়তে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ এই ধনৰাশি আগবঢ়ায় । সন্থাৰ সভাপতি মাণিক কলিতা, সম্পাদক কম্লেশ্বৰ দাস, উপদেষ্টা লোহিত ঠাকুৰীয়া সহ কেবাজনো লোক উপস্থিত হৈ চেকখন প্ৰদান কৰাৰ পিছত ছয়গাঁও বজাৰখন চেনিটাইজ কৰাৰ কথা উল্লেখ কৰে । লগে লগে বিষয়টোৰ প্ৰতি চক্ৰ বিষয়াজনে সহাঁৰি জনায়।ছয়গাঁও স্থায়ী দোকানী সন্থাৰ এই পদক্ষেপক সচতেন মহলে শলাগ লৈছে।
বাতৰি যুগুতালে আজাৰাৰ পৰা জিতুমণি দাসে

Leave A Reply

Your email address will not be published.