জন ঔষধি দিৱস উদযাপন

0 235

ভাৰত চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ কেন্দ্ৰীয় স্বতন্ত্ৰ মন্ত্ৰী  প্ৰহ্লাদ সিং পেটেল আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন বিভাগৰ প্ৰৱন্ধক  এচ এচ দেৱবৰ্মনৰ উপস্থিতিত গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চায়েন্সৰ বাকৰিত যোৱা ৭মাৰ্চত “জন ঔষধি দিৱস” পালন কৰা হয়।
বিউৰ অৱ ফাৰ্মা পি এচ‌ উ অৱ ইণ্ডিয়া অৰ্থাৎ বি পি পি আইৰ দ্বাৰা প্ৰায়োজিত প্ৰধান মন্ত্ৰী জন ঔষধি যোজনাৰ বৰ্ষপূৰ্তি উপলক্ষে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশজুৰি ভিডিঅ’ কন্ফাৰেন্সেৰ যোগেদি উদ্বোধন কৰা অনুষ্ঠানত শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ প্ৰমুখ্যে শিক্ষক সমাজৰ লগতে সমূহ শিক্ষাৰ্থী উপস্থিত থাকে।
৩৫খন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বিস্তাৰিত হৈ থকা এই জনঔষধি কেন্দ্ৰসমূহৰ মূল উদ্দেশ্য হৈছে সৰ্বসাধাৰণ ৰাইজক সুলভ মূল্যত নিত্য নৈমিত্তিক ৰূপত ব্যৱহৃত হোৱা ঔষধৰ যোগান ধৰা। উল্লেখযোগ্য যে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চায়েন্স শিক্ষাপ্ৰতিষ্ঠান খনি ফাৰ্মাচী কাউন্সিল অৱ ইণ্ডিয়াৰ দ্বাৰা স্বীকৃত প্ৰথমখন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিষ্ঠান য’ত জন ঔষধি কেন্দ্ৰ প্ৰতিষ্ঠাৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমতি পাইছে।

Leave A Reply

Your email address will not be published.