জল জীৱন মিছনৰ অন্তৰ্গত জলদূত কাৰ্যসূচীৰ অধীনত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰে জল শালা

0 156

কামৰূপ জিলাৰ পচৰীয়াত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি জলদূত কাৰ্যসূচীৰ অন্তর্গত “জলশালা” উন্মোচন কৰে। জলদূত কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে অষ্টম-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নিষ্ঠাবান স্বেচ্ছাসেৱকৰ নেটৱৰ্ক গঢ়ি তোলা, যি জলদূত নামেৰে জনাজাত। জলদূত পদক্ষেপ সন্দৰ্ভত দিয়া ভাষণত মন্ত্ৰী বৰুৱাই কয় যে এই জলদূত পদক্ষেপ আমাৰ ৰাজ্যত অনন্য আৰু দেশৰ বাকী ৰাজ্যই ইয়াক আমাৰ পৰা আৰ্হি হিচাপে গ্ৰহণ কৰিব পাৰে। তেওঁ লগতে উল্লেখ কৰে যে এই ধৰণৰ পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ উন্নয়নৰ বাবে কাম কৰিবলৈ উৎসাহিত কৰে। অসমত জে জে এমৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি তেওঁ উল্লেখ কৰে যে “ইতিমধ্যে ৫০% লোকে এফ এইচ টি চিৰ জৰিয়তে বিশুদ্ধ খোৱাপানী লাভ কৰিছে আৰু আমি অতি সোনকালে ১০০% কভাৰেজৰ দিশত আমাৰ কাম-কাজ আগবঢ়াইছোঁ। জে জে এম-এ বিশুদ্ধ খোৱাপানী নিশ্চিত কৰিব যাৰ যোগেদি বহুতো পানীজনিত ৰোগ বহু পৰিমাণে হ্ৰাস পাব বুলিও তেওঁ উল্লেখ কৰে।

জলশালাসমূহে পানী সংৰক্ষণ, WASH আৰু পানীৰ গুণগত মান, পানী যোগান আঁচনি, ৰাইজৰ অংশগ্রহণ আৰু নলযোগে বিশুদ্ধ পানী যোগান আঁচনি সম্পর্কে সজাগতাৰ ক্ষেত্ৰত গুৰুত্ব দিব। ইয়াৰ বাবে ৰাজ্যজুৰি ৭ হাজাৰতকৈ অধিক জলশালাত ২ লাখ বিদ্যার্থীক জলদূত হিচাপে দুদিনীয়া প্রশিক্ষণ দিয়া হ’ব। জনগণৰ মাজত সজাগতা আনিবলৈ আজিৰ অনুষ্ঠানত জল জীৱন মিছনৰ এটা ‘থিম ছং’ মুকলি কৰা হয় আৰু পানীৰ গুণাগুণ নিৰ্ণয় কৰিবলৈ ‘জলদূত কিট’ প্ৰদান কৰা হয়।

আজিৰ অনুষ্ঠানত সাংসদ কুইন ওজা, PHED -ৰ বিশেষ সচিব দিগন্ত বৰুৱা, জল জীৱন মিছনৰ এম.ডি. শ্রীকৈলাশ কার্তিক ডাঙৰীয়া, কামৰূপৰ উপায়ুক্ত কীর্তি জল্লি, PHED(পানী)-ৰ মুখ্য অভিযন্তা দিব্যজ্যোতি দুৱৰা, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী তথা অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.