জাগীৰোডৰ বিপুল সৰকাৰ নামৰ যুৱকজনে বাইক চলাই এসপ্তাহৰ ভিতৰত সমগ্ৰ বাংলাদেশ ভ্ৰমণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে বিপুল সৰকাৰে হ’ল প্ৰথমগৰাকী ভাৰতীয় যিয়ে এনেদৰে সাত দিনৰ ভিতৰত বাইক চলাই এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ।অসমৰ এই গৰাকী যুৱকক উৎসাহ জনোৱাৰ উদ্দেশ্যে বাংলাদেশৰ চিটিজি বাইকাৰ ক্লাৱৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জনায় । বাইকাৰ্চ জনে অনাগত দিনত বাইক ৰাইডিঙৰ জৰিয়তে অসম পৰ্যটনৰ হৈ কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে। বিপুলে কয় যে সমগ্ৰ বাংলাদেশ বাইকেৰে ভ্ৰমণ কৰা তেওঁ প্ৰথম ভাৰতীয়। এই ভ্ৰমণ কাৰ্যসূচী সাতদিনীয়া আছিল। মোৰ ভ্ৰমণ ১৯ জুলাইত আৰম্ভ কৰি ২৬ জুলাইত সমাপ্ত হৈছিল।বাংলাদশ CTG ৰাইডিং কমিনিউটিৰ তৰফৰ পৰা সম্বৰ্ধনা আৰু সন্মান জনোৱা হৈছিল।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী