জামুগুৰিহাটত ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ সজাগতা সভা পালন

0 233

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বৰদিকৰাই মিৰি গাঁৱত আজি ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা পালন কৰে । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসক ড° ৰূপক বৰুৱাৰ লগতে শোণিতপুৰ জিলাৰ এপিডেমলজিষ্ট ড° শুভলক্ষ্মী বৰা, উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰ, মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, এম পি ডবলিউ অভিজিৎ ভূঞা, এম টি এছ প্ৰাণজিৎ নাথ, চি এছ অ নিৰ্মালী বৰমূদৈ লগতে এ এন এম, আশা উপস্থিত থাকে । ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ লগত সংগতি ৰাখি উত্তৰাঞ্চলত অনুষ্ঠিত কৰা উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চিকিৎসক ড° ৰূপক বৰুৱাই কয় যে-” আমি নিজেই সজাগ নহ’লে ডেংগুৰ পৰা হাত সাৰিব নোৱাৰো । তাৰকাৰণে আমি সকলোৱে ঔষধিযুক্ত আঠুৱা ব্যৱহাৰ কৰাৰ লগতে নিজৰ ঘৰৰ উপৰিও ৰাষ্টাঘাটৰ হাবি-জংঘল চাফ চিকুনকৈ ৰাখিব লাগিব । ইয়াৰোপৰি তেওঁ ডেংগু ৰোগৰ লক্ষণ কেইটাৰ সন্দৰ্ভত কয়- মূৰৰ বিষৰ সৈতে অতিপাত জ্বৰ, গাঠি আৰু মাংসপেশীৰ বিষ, চকুৰ পিছফালৰ বিষ, নাক-মুখ-দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আদি । উক্ত ডেংগু দিৱসৰ সজাগতা সভাত এখনি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰাত অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক লোকে অংশগ্ৰহণ কৰা দেখা যায় ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.