জামুগুৰি একাডেমী স্কুলত সজাগতা শিবিৰ অনুষ্ঠিত

0 246

শোণিতপুৰ জিলাৰ তেজপুৰস্থিত এন ডি আৰ এফ ৰ ১২ নং বেটেলিয়নৰ উদ্যোগত আজি জামুগুৰিহাটৰ জামুগুৰি একাডেমী স্কুলত এক সজাগতা শিৱিৰ অনুষ্ঠিত হয় । এন ডি আৰ এফ ৰ ১২ নং বেটেলিয়নৰ কেপ্টেইন মনিশ চৌধুৰীৰ তত্বাৱধানত পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা উক্ত সজাগতা অনুষ্ঠানত উপস্থিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক ভূমিকম্পকে ধৰি বাকী বোৰ হ’ব পৰা আকস্মিক দূৰ্ঘটনাৰ পৰা কেনেদৰে নিজক বচোৱাৰ উপৰিও আনক কেনেকৈ উদ্ধাৰ বা বচাব পৰা যায় সেয়া নিখুত‌ভাৱে বৰ্ণনা কৰে। ইয়াৰোপৰি আজি জামুগুৰিহাটৰ পৰা আৰম্ভ হোৱা এই সজাগতা অনুষ্ঠান শোণিতপুৰ জিলাৰ পাঁচটা চাৰ্কুলৰ বিভিন্ন স্থানত এইদৰে সজাগতা শিৱিৰ অনুষ্ঠিত কৰিব বুলি ১২নং এন ডি আৰু এফ বাহিনীৰ কেপ্টেইন মনিশ চৌধুৰীয়ে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে এই সজাগতা শিৱিৰ অনুষ্ঠানত নদুৱাৰৰ চক্ৰ বিষয়া আকাশ দীপ কাকতি প্ৰমুখ্যে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী লগতে অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
বাতৰি যুগুতালে ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.