দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বোৱাৰীয়ে মডেলিঙেৰে জগত জীনাৰ সপোন ৰচিছে। মিৰ্জা সমীপৱৰ্তী সৰপাৰাৰ নিবাসী সুভাষ দাসৰ পত্নী জুতিকা দাসে গুৱাহাটীস্থিত মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অলপতে গামোচা এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত অনুষ্ঠিত এখন ব্যয়বহুল ফেশ্বন শ্ব’ত চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। দুটি সন্তানৰ মাতৃ জুতিকাই কেইবাটাও ৰাউণ্ডত সফলতা অৰ্জন কৰাৰ অন্তত চুড়ান্ত ৰাউণ্ডত মিছেছ ইণ্ডিয়া ইণ্টাৰনেচনেল টুৰিজিম-২০১৯ ৰ মুকুট শিৰত ল’বলৈ সক্ষম হয়। এই খিতাপ অৰ্জনৰ লগে লগে বোৱাৰীগৰাকীয়ে এই বৰ্ষত বেংককত অনুষ্ঠিত হ’বলগীয়া এখন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে। সুন্দৰী জুতিকাৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্র পলাশবাৰীবাসী ।খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে..
Trending
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন