সমাজৰ বিভিন্ন স্তৰত প্ৰচলিত পৰম্পৰাগত ৰীতি-নীতিসমূহৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ উদ্দেশ্যে সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ছ’ল শীৰ্ষ তথ্য চলচ্ছিত্ৰ মহোৎসৱ৷ অহা ১৯ ছেপ্টেম্বৰৰ পৰা কাহিলীপাৰাত থকা জ্যোতি চিত্ৰবনত ‘SOUL- Stories of Unity, Land গু Culture’ শীৰ্ষক এই চলচ্ছিত্ৰ মহোৎসৱ অনুষ্ঠিত হ’ব৷ ইতিমধ্যে উত্তৰ-পূব ভাৰতৰ ৩০ টাৰো অধিক জনগোষ্ঠী-সম্প্ৰদায়ৰ ৭০ খনৰো অধিক তথ্য চলচ্ছিত্ৰই এই মহোৎসৱত যোগদান কৰিছে৷ আজি জ্যোতি চিত্ৰবনত আয়োজন কৰা এখন সংবাদমেলত এই কথা ঘোষণা কৰে এই চলচ্ছিত্ৰ মহোৎসৱৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত আই.পি.এছ. বিষয়া প্ৰদীপ কুমাৰ, মহোৎসৱৰ সঞ্চালক [আই.এ.এছ.] মনিতা বৰগোঁহাই আৰু জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে৷ সংবাদমেলত তেওঁলোকে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে বিশেষকৈ সীমান্ত অঞ্চলত কৰি অহা কাম-কাজ, বিভিন্ন প্ৰতিযোগিতা আয়োজনৰ বিষয়ে উল্লেখ কৰি পৰম্পৰাগত ৰীতি-নীতিৰে ভূমিৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্য এই তথ্য চলচ্ছিত্ৰ মহোৎসৱৰ আয়োজন কৰা বুলি উল্লেখ কৰে৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ ৰাজ্য মন্ত্ৰী ড॰ এল মুৰুগন, নাগালেণ্ডৰ পৰ্যটন আৰু শিক্ষামন্ত্ৰী তেমজেন ইমনা আলং, অসমৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, চলচ্ছিত্ৰ পৰিচালিকা মঞ্জু বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব৷ আনহাতে অহা ২১ ছেপ্টেম্বৰত এই মহোৎসৱৰ সামৰণি অনুষ্ঠানত আৰ.এছ.এছৰ সহ সৰকাৰ্যবাহ ড॰ কৃষ্ণ গোপাল শৰ্মা, মন্ত্ৰী বিমল বৰা, পীযুষ হাজৰিকা আৰু মণিপুৰৰ চলচ্ছিত্ৰ নিৰ্মাতা অইনাম ডৰেণ উপস্থিত থাকিব৷ চলচ্ছিত্ৰ মহোৎসৱৰ আয়োজক কমিটিৰ সদস্য দীপক দত্ত, দিব্যজ্যোতি দাস, বন্দিতা বৰাও উপস্থিত থকা তথা তথ্য চলচ্ছিত্ৰ মহোৎসৱৰ বন্দিতা বৰাই প্ৰস্তুত কৰা থীম ছং মুকলি কৰা আজিৰ সংবাদমেলত ভাষণ দি জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে সাংস্কৃতিক ঐতিহ্য, পৰম্পৰাগত উপাসনা পদ্ধতিক শুদ্ধ আৰু সহজ ৰূপত উপস্থাপন কৰাটো সকলোৰে দায়িত্ব বুলি উল্লেখ কৰি এই মহোৎসৱে সমাজত এক ইতিবাচক প্ৰভাৱ পেলাব বুলিও কয়৷ এই তথ্য চলচ্ছিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ হোৱা ছবিখনক এক লাখ টকা, দ্বিতীয় শ্ৰেষ্ঠ ছবিখনক ৭৫ হেজাৰ টকা, তৃতীয় শ্ৰেষ্ঠ ছবিখনক ৫০ হেজাৰ টকা আৰু শ্ৰেষ্ঠ পৰিচালকক ২৫ হেজাৰ টকা পুৰস্কাৰ প্ৰদান কৰা হ’ব৷ ইয়াৰ উপৰিও জুৰিৰ বিশেষ পুৰস্কাৰ থাকিব৷ এই তথ্য চলচ্ছিত্ৰ মহোৎসৱত ৰাইজৰ অংশগ্ৰহণ কামনা কৰিছে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে৷
Trending
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ