ৰাষ্ট্ৰীয় এনএছএছ বঁটা বিজয়ী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যান সঞ্চালক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিক অসম চৰকাৰৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় । ক্রীড়া আৰু যুব কল্যাণ আৰু শক্তি তথা পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাই ৰুদ্ৰ সিংহ স্পোর্ট কমপ্লেক্স, নেহেৰু ষ্টেডিয়ামত ১২ জানুৱাৰীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে ডঃ কাকতিয়ে ভাৰতৰ মাননীয় ৰাষ্ট্রপতি ৰাম নাথ কোবিন্দৰ পৰা ২৪ ছেপ্টেম্বৰ ২০২১ত এন এছ এছ ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰে যিয়ে সমগ্র উত্তৰ-পূৱ আৰু অসমৰ এই মর্যাদাপূর্ণ পুৰষ্কাৰ প্রাপ্ত প্রথম ব্যক্তি। সম্বৰ্ধনা অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং আই এ এছ ,সদস্য সচিব, ৰাজ্য স্তৰৰ যুৱ কল্যাণ কমিটিৰ উপদেষ্টা পবিত্ৰ মাৰ্ঘেৰিটা, অসম ক্ৰীড়া কৰ্তৃপক্ষৰ উপ সভাপতি লক্ষ্য কোঁৱৰ , ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী আৰু অলিম্পিক ব্রঞ্জ পদক বিজয়ী খেলৰত্ন পুৰস্কাৰপ্রাপ্ত লাভলীনা বৰগোঁহাই ,সাহিত্য একাডেমি যুৱ পুৰস্কাৰ প্ৰাপ্ত দ্বিজেন চন্দ্ৰ দাস আৰু বহুতো গণ্য মান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত আছিল।
Trending
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি