ডিব্ৰুগড়ত বন্দৰ, জাহাজ, জল পৰিবহন আৰু আয়ুস দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এক সংবাদ মেল আহ্বান কৰে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ “গতি শক্তি” সম্পৰ্কত বক্তব্য ৰাখে মন্ত্ৰী গৰাকীয়ে। যোৱা ১৩ অক্টোবৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ উন্নয়নৰ গতি বৃদ্ধি কৰাৰ বাবে “গতি শক্তি” আঁচনিৰ শুভ আৰম্ভ কৰে । আঁচনি খনৰ সন্দৰ্ভত সাংবাদিকক ৭ মিনিটৰ তথ্য চিত্ৰ জৰিয়তে অৱগত কৰায় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।তেওঁ জনায় যে প্ৰধানমন্ত্ৰীৰ ‘গতি শক্তি আঁচনিৰ যোগেদি দেশৰ গতি বৃদ্ধি হ’ব। চৰকাৰখনে ১৬ টা মন্ত্ৰালয় এক কৰি কাম কৰিবলৈ সাজু হৈছে। বিশ্বৰ বুকুত ভাৰতে উন্নয়নৰ গতি ত্বৰাম্বিত কৰিব। আন্ত গাঁঠনি, যাতায়ত যোগাযোগ, নিযুক্তিৰ নতুন বাট মুকলি কৰিব বুলি মন্তব্য আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে। ৰাজ্যসমূহো এই আঁচনিত জড়িত হ’ব বুলি তেওঁ জনায়। বিভাগবোৰৰ সন্বয়নহীনতাৰ বাবে প্ৰগতিত বাধা আহিছিল। এতিয়া ১৬ টা বিভাগে সমন্বিত ৰূপত কাম কৰিব। ১৩০ কোটি জনতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে এই আঁচনি লৈছে বুলি উল্লেখ কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্রেছক সমালোচনা কৰি কয় যে বিগত কংগ্ৰেছৰ দিনত এনেধৰনৰ ঐক্যবদ্ধ আৰু শৃংখলাবদ্ধ কোনো আঁচনি গ্ৰহণ কৰা নাছিল।
Trending
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে