দাৰ্শনিক ,পণ্ডিতপ্ৰৱৰ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ৬০ সংখ্যক পবিত্ৰ জন্ম দিৱসটো ৰাজ্যজুৰি পালিত হোৱাৰ সময়তে ঢকুৱাখনাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত ব্যতিক্ৰমী ধৰণে দিৱসটো পালন কৰে ।ঢকুৱাখনাৰ মহকুমাৰ এখন অগ্ৰণী উচ্চ শিক্ষানুষ্ঠানত পৰিষদৰ অৰ্থ সাহাৰ্য্যৰে নিৰ্মিত এটা সুদৃশ্যমান স্থায়ী গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰি পবিত্ৰ শিক্ষক দিৱসৰ দিনাই দ্বাৰ উন্মোচনেৰে শিক্ষক শিক্ষাৰ্থীলৈ উৎসৰ্গা কৰি শিক্ষক দিৱসৰ ব্যতিক্ৰমী মান্যতা প্ৰদান কৰা হয়। ঢকুৱাখনা মহকুমাৰ বকুলগুৰি অঞ্চলত ১৯৯৩ বৰ্ষতে স্থাপিত ব্ৰহ্মপুত্ৰ ডিগ্ৰী মহাবিদ্যালয়ৰ এটা স্থায়ী কাৰ্যালয় আৰু উন্নত শ্ৰেণীকোঠা গৃহৰ অভাৱত ভোগী অহাৰ পৰিপ্ৰেক্ষিতত এই সুদীর্ঘদিনীয়া অভাৱ পূৰণৰ বাবে আগবাঢ়ি আহে মিচিং স্বায়ত্ব শাসিত পৰিষদ। পৰিষদৰ শিক্ষা বিভাগৰ প্ৰায় ৪০ লাখ পুঁজিৰ আৱন্তন দি পৰিষদৰ ২২ নং খেৰকটা ডাংধৰা সমষ্টিৰ সাধাৰণ সদস্য তথা পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে শ্ৰেণীকোঠা আৰু কাৰ্যালয়টো আটক ধুনীয়াকৈ নিৰ্মানত গুৰুত্ব আৰোপ কৰি আহিছিল। দেওবাৰে পুৱা বেলা শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত শিক্ষা মন্দিৰখনৰ এই নৱ নিৰ্মিত দুমহলীয়া গৃহটোৰ শুভ দ্বাৰ উন্মোচন কৰা হয়। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া , অধ্যক্ষ সুনীল কুমাৰ পেগু , স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে , হস্ত তাঁত বস্ত্ৰ বিভাগৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে কুম্বাং , সাধাৰণ সদস্য বিউটি পেগু , জিলা পৰিষদ সদস্য ইন্দ্ৰ কুমাৰ চোংক্ৰাং আদিয়ে একত্ৰিত ভাবে ব্যয় বহুল গৃহটোৰ দ্বাৰ উন্মোচন কৰি মহাবিদ্যালয় কৰ্তৃপক্ষৰ ব্যৱহাৰৰ বাবে উৎসৰ্গা কৰে। মহাবিদ্যালয় পৰিয়াল , শিক্ষানুৰাগী ৰাইজ ,মিচিং জাতীয় সংগঠনৰ নেতৃবৰ্গ আৰু শিক্ষাৰ্থী সকলৰ উপস্থিতিত ফিটা কাটি সম্পন্ন কৰা উন্মোচনী পৰ্বৰ পাছতে স্বায়ত্ব শাসিত পৰিষদৰ কাণ্ডাৰী সকলে পৰিষদিয় সমষ্টিটোৰ বকুলগুৰিত ভৈয়াম জনজাতি আৰু অন্যান্য পাছপৰা শ্ৰেণী বিভাগৰ প্ৰায় ২৫ লাখ টকা ব্যয় সাপেক্ষ এটা কমন ফেচিলিটি চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰে । শিক্ষক দিৱসৰ দিনাই স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা কাৰ্যকৰী কৰা এনে প্ৰশংসনীয় পদক্ষেপৰ মহাবিদ্যালয়ৰ পৰিয়ালে শলাগ লৈছে।
Trending
- সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাম কাজৰ পৰ্যালোচনা ৰাজ্যপাল কাটাৰীয়াৰ
- নিউ গুৱাহাটী বি জি যাৰ্ডত পৰিবহণ বিভাগৰ উদ্যোগত যান- বাহনৰ ৰেহাই আঁচনি বিষয়ক সজাগতা সভা
- কামৰূপ মহানগৰ জিলাত শাৰদীয় দুৰ্গোৎসৱ উদযাপন সন্দৰ্ভত আলোচনা
- ‘স্মৃতিৰ সঁফুৰা’ আনুষ্ঠানিক শুভ উন্মোচন
- খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডত গান্ধী জয়ন্তী উদযাপন
- সদৌ অসম খণ্ড সমল ব্যক্তি ফৰামৰ সভা
- নগাঁৱত আন্তজাতিক অহিংস দিৱস উদযাপন
- স্বচ্ছতাক দৈনন্দিন জীৱনশৈলীৰ অংশ কৰি তুলিলে দেশৰ উন্নয়ন ত্বৰান্বিত হ’ব – কেশৱ মহন্ত
- আয়ুস্মান ভৱ অভিযানৰ অধীনত পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
- স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন স্তৰৰ লোকৰ অংশগ্ৰহণেৰ স্বচ্ছতাই সেৱা কাৰ্যসূচীলৈ অসমৰ উৎসাহজনক সঁহাৰি