ঢকুৱাখনাত  মিঠাতেল উৎপাদনেৰে স্বনিয়োজনৰ সফল সংগ্ৰাম

0 179

শিক্ষাগত অৰ্হতাক কেৱল চাকৰিমুখী প্ৰবণতাৰ মাজত আবদ্ধ নাৰাখি নিজাববীয়াকৈ স্বাধীনভাৱে উৎপাদনমুখী  কামত নিয়োজিত কৰি কৰ্মবিমুখ নিবনুৱা সকলৰ মাজত  অনুকৰণীয় দৃষ্টান্ত দাঙি ধৰিছে ঢকুৱাখনাৰ দুই ভাতৃয়ে। পথাৰ আমাৰ , বজাৰ আমাৰ এই উক্তিক কাৰ্য্যত পৰিণত কৰি ঢকুৱাখনা  মহকুমাৰ  পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ খজুৱা গাঁওৰ গৌৰী শংকৰ বৰফুকন আৰু আয়ুষ্মান বৰফুকন নামৰ দুই ভাতৃয়ে  আত্মনির্ভৰশীলতাৰ দৃষ্টান্ত দাঙি ধৰিছে। জগত ফুকন আৰু  অঞ্জলি শইকীয়া ফুকনৰ দুই শিক্ষিত সন্তান গৌৰীশংকৰ আৰু আয়ুষ্মানে  নিজৰ কৃষি ভূমিৰ লগতে ঢকুৱাখনা মহকুমাত প্ৰভূত হাৰত উৎপাদিত  সৰিয়হ  স্থানীয় ভাৱে  সংগ্ৰহ কৰি এটা নিভাঁজ , বিশুদ্ধ আৰু স্বাস্থ্যসন্মত  মিঠাতেল প্ৰস্তুত কৰা প্ৰকল্প গ্ৰহণৰ চিন্তা চৰ্চ্চাৰে আগবাঢ়িছে।  কেঁচা সামগ্ৰী সৰিয়হৰ প্ৰচুৰ উৎপাদনথলী ঢকুৱাখনা  মহকুমাৰ কৃষক সকলক উচিত বজাৰ মূল্য প্ৰদান কৰি সংগ্ৰহ কৰা  সৰিয়হৰ  আৰু পৰম্পৰাগত ভাৱে নিজেও কৰি অহা এই সৰিয়হ খেতিৰ উৎপাদিত ফচলেৰে এটা  মিঠাতেল  উৎপাদন  আৰু বিপনন প্ৰকল্প গ্ৰহণৰ সিদ্ধান্ত লৈ দুই ভাতৃয়ে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰে হাবুং এগ্ৰ’ ইণ্ডাষ্ট্ৰী নামৰ এটা খাটি ,বিশুদ্ধ আৰু নিভাঁজ মিঠাতেল উৎপাদন প্ৰকল্প।  
পিতৃ মাতৃৰ প্ৰায় ১৫ লাখ টকা সঞ্চিত পুঁজিৰে এটা মিঠাতেল প্ৰস্তুতকাৰী মেচিন ক্ৰয় কৰি আনি খজুৱা গাঁওৰ নিজা গৃহতে  সংস্থাপন কৰি ব্ৰতী হয় গ্ৰাহকৰ বাবে  বিশুদ্ধ ,স্বাস্থ্য সন্মত মিঠাতেল  উৎপাদনত।  পেছাত জিঅ টেলিকম  কোম্পানীত টেলিকম ইঞ্জিনীয়াৰ হিচাপে কৰ্মৰত উচ্চ শিক্ষিত গৌৰী শংকৰ আৰু গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত স্নাতক কলা শাখাৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ আয়ুষ্মানে। 
নিজৰ লগতে অন্য ৫ গৰাকী নিবনুৱা যুৱককো  আত্মসংস্থাপন  দিবলৈ সক্ষম হোৱা এই হাবুং এগ্ৰ’ ইণ্ডাষ্ট্ৰীৰ  দুই কাণ্ডাৰীয়ে বিগত মাত্ৰ দুটা মাহতে প্ৰভূত সফলতা আৰু আশাব্যঞ্জক গ্ৰাহকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিলে। স্থানীয় ভাৱে কৃষকৰ  উৎপাদিত সৰিয়হৰে  ইতিমধ্যে  বিশুদ্ধ মিঠাতেল প্ৰস্তুত কৰি  উদ্যমী যুৱকদ্বয়ে  ইস্পিত ফল লাভ কৰা বুলি জানিবলৈ দিছে। প্ৰকল্পটোৰ প্ৰধান চালিকা শক্তি হিচাবে ব্ৰতী হোৱা আয়ুষ্মান বৰফুকনে জনোৱা মতে  স্বাস্থ্য সন্মত ভাৱে ,নিভাঁজ আৰু পৰিশোধিত মিঠাতেল  উৎপাদন কৰি মাহে নূন্যতম ২-৩ লাখ টকা অৰ্জন কৰিবলৈ সক্ষম হৈছে।  থলুৱা “কাচি ঘানী”ৰ এই  উৎকৃষ্ট মানদণ্ডৰ মিঠাতেলে  বজাৰৰ বিভিন্ন ব্ৰেণ্ডৰ মিঠাতেলৰ  গুণ আৰু মানৰ সৈতে ফেৰ মাৰিবলৈ  সক্ষম হোৱা বুলি গ্ৰাহক সকলেই মত ব্যক্ত কৰিছে। লখিমপুৰ ,ধেমাজিৰ লগতে ডিব্ৰুগড় জিলাৰ  গ্ৰাহক সকলৰ চাহিদা অনুপাতে   মিঠাতেল যোগানত বিদ্যুৎ  বিভাগৰ অনিয়মীয়া  ভূমিকাই  প্ৰধান প্ৰতিবন্ধক হিচাপে থিয় দি আহিছে। তৎস্বত্তেও যোৱাটো মাহত  প্ৰায় ১৮০০ লিটাৰ  মিঠাতেল প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰিবলৈ সমৰ্থ হৈছে।
প্ৰতি লিটাৰ মিঠাতেলৰ খুচুৰা দৰ ২০০ টকা , পাইকাৰী ১৮০  টকা  নিৰ্ধাৰণ  কৰি জিলা কেইখনত ঈর্ষণীয়  ব্যৱসায়ৰ পাতনি মেলি আহিছে এই  হাবুং এগ্ৰ’ ইণ্ডাষ্ট্ৰীয়ে। এই থলুৱা মিঠাতেলৰ প্ৰতি গ্ৰাহক সকলেও  ব্যাপক সঁহাৰি  আগবঢ়োৱাত উৎসাহী দুই ভাতৃ সহ অভিভাৱক। মিঠাতেলৰ উপৰিও বৰ্জিত খলিহৈ  সমূহো প্ৰতি কিলোগ্ৰামত  ২৮ টকা দৰত বিক্ৰী  কৰি অতিৰিক্ত ভাবে ৭০ হাজাৰ টকা অৰ্জন কৰা বুলি জনায় উদ্যমী যুৱক আয়ুষ্মানে।  পথাৰ আমাৰ , বজাৰো আমাৰ বাণীক  বাস্তৱিকতে কাৰ্যত ৰূপায়ন কৰাৰ পণ লৈ আত্মনিয়োগ কৰা দুই ভাতৃয়ে এই মিঠাতেল প্ৰকল্পৰ সমান্তৰাল ভাৱে   “হাবুং মীন পালন” প্ৰকল্প এটাও   আৰম্ভ কৰিছে  প্ৰায় ১একৰ নিজা মাটি কালিত । স্বাভাৱিকতে  নিয়োগ কিম্বা অৰ্থ উপাৰ্জনৰ লক্ষ্যৰে  বহুসংখ্যক নিবনুৱা বৰ্হি ৰাজ্যলৈ ধাবিত হোৱাৰ সময়তে স্ব গৃহতে  নিজা পুঁজিৰে স্বাৱলম্বনৰ সেন্দুৰীয়া নিৰ্দশন দাঙি ধৰা দুই ভাতৃৰ এনে প্ৰয়াস  নিশ্চিতভাৱে অনুকৰণীয়।
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.