ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বাৰ্ষিক অধিবেশন সম্পন্ন

0 240

ঢকুৱাখনা মহকুমাৰ বয়োজ্যেষ্ঠ জ্ঞানোজ্যেষ্ঠ  নাগৰিক সকলৰ উমৈহতীয়া সংগঠন  ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ষষ্ঠ দ্বি বাৰ্ষিক অধিবেশনখন নৱবৰ্ষৰ প্ৰথম দিনটোত  অনুষ্ঠিত হয়।সন্মিলনৰ নৱ কাঠৰবাৰীস্থিত  নিজা কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত ৫খন আঞ্চলিকৰ কেইবা শতাধিক বৰ্ষীয়ান  নাগৰিকৰ উপস্থিতিত অধিবেশনৰ মুকলি সভাৰ শুভাৰম্ভ কৰা হয় শংকৰদেৱ শিশু নিকেতনৰ শিক্ষাৰ্থী সকলৰ শ্ৰুতিমধুৰ সমবেত সংগীতেৰে ।ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ষষ্ঠ দ্বি বাৰ্ষিক অধিবেশনৰ উদ্দেশ্য ব্যাখ্যা ও সম্পাদকৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক দ্বিগেন্দ্র  নাথ হাজৰিকাই। ২০০৪ চনত স্থাপিত  ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধিবেশনৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাবে লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ভূপেন দলেয়ে আৰু নিৰ্দিষ্ট বক্তা হিচাবে ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ডঃ কেশৱ হাজৰিকাই অংশ গ্ৰহণ কৰে।  জনাকীৰ্ণ সভাত নিৰ্দিষ্ট বক্তা ডঃ হাজৰিকাই  জৈৱিক খাদ্যই মানৱ শৰীৰত নিৰ্দিষ্ট সময়ৰ বাবে শক্তিৰ উন্মেষ ঘটাই কিন্তু  মানসিক খাদ্যই  অফুৰন্ত জীৱনী সুধা প্ৰদান কৰে বুলি কৈ যাৰ জৰিয়তে উৎপাদিত অদম্য  জীৱনী শক্তিয়ে বাৰ্ধক্যৰ কায়িক দুৰ্বলতাক পৰাজিত কৰিব পাৰে বুলি মন্তব্য কৰে। ডঃ হাজৰিকাই প্ৰাচ্য আৰু প্ৰাচাত্যৰ  আধ্যাত্মিক কাহিনীৰ উদ্ধৃতি দি জীৱনৰ পৰা উপলব্ধি কৰিব পাৰিব লাগিব বুলি কৈ মানবীয় জীৱনৰ উপলব্ধিৰ পৰা সংগৃহীত শক্তিয়ে যি সামাজিক দায়বদ্ধতা জাগ্ৰত কৰে তেনে জাগ্ৰত শক্তিয়ে অফুৰন্ত জীৱনি শক্তি প্ৰদান কৰে বুলি মন্তব্য কৰে।
সভাত  লখিমপুৰ জিলা সন্মিলনৰ সভাপতি ভূপেন দলেয়ে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সামাজিক দায়িত্ববোধৰ কৰ্ম আঁচনি আছে বুলি কৈ অসমীয়া ভাষাক অসম লোকসেৱাৰ পৰীক্ষাৰ পৰা বাহিৰ কৰা , পৰিবেশ ধ্বংস কৰা  আদি সমাজ সভ্যতা বিৰোধী কাৰ্যৰ বিৰুদ্ধে সবল শক্তিৰে প্ৰতিবাদ কৰি যোৱাৰ সিদ্ধান্ত ব্যক্ত কৰে । অধিবেশনৰ প্ৰতিনিধি সভাই  পূৰ্ণানন্দ গগৈক সভাপতি,চন্দ্ৰ নাথ বৰুৱাক কাৰ্যকৰী সভাপতি, দ্বিগেন্দ্র নাথ হাজৰিকাক সাধাৰণ সম্পাদক,জিতেন তামুলীক সহকাৰী সম্পাদক,উত্তম বৰুৱাক বিত্ত সম্পাদক, গন্ধেশ্বৰ গগৈক প্ৰচাৰ আৰু জনসংযোগ সম্পাদক,দেৱ কৃষ্ণ ৰাজখোৱাক স্বাস্থ্য সম্পাদক,ভোলা নাথ গগৈক  শিক্ষা সম্পাদক,
চেনেহী দত্ত আৰু লাবন্য বৰুৱাক মহিলা সদস্যা হিচাপে অনাগত  দুবছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰি পূৰ্ণাংগ সন্মিলন সমিতিখন গঠন কৰা হয়। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.