ঢকুৱাখনা ৰেডক্ৰছ চ`চাইটিৰ মাস্ক,চাবোন বিতৰণ

0 256

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাত ক্ৰমাগত ভাৱে বৃদ্ধি পাই অহা ক`ভিডৰ সংক্ৰমণকলৈ চিন্তিত ঢকুৱাখনাবাসী। ইতিমধ্যে ৫গৰাকী ব্যক্তিৰ ক`ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাছত জনসজাগতা সৃষ্টিৰ অবিৰাম প্ৰয়াস অব্যাহত ৰাখিছে ঢকুৱাখনা শাখা ৰেচক্ৰছ চ`চাইটিয়ে। মহকুমাটোৰ বিভিন্ন এলেকাত গৈ ক`ভিড সংক্ৰমণ ৰোধৰ বাবে ৰাইজক সজাগ সচেতন কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰখা ৰেচক্ৰছ চ`চাইটিয়ে। তাৰেই অংশ হিচাবে শুক্ৰবাৰে ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত আগশাৰীৰ কোভিড যোদ্ধা সকলক মাস্ক , চাবোন আদি সামগ্ৰী বিনামূলীয়া ভাবে যোগান ধৰাৰ লগতে চিকিৎসালয়লৈ আগমন হোৱা লোকৰ মাজত সজাগতামূলক পৰামৰ্শ আগবঢ়ায় । ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত মানৱ সেৱা আগবঢ়াই থকা চিকিৎসক ,স্বাস্থ্য কৰ্মী সকলক এনে সামগ্ৰী বিতৰণ কৰি কোভিড প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে আগবঢ়াই অহা সেৱাৰ শলাগ লয়। চচাইটিৰ ঢকুৱাখনা শাখাৰ চেয়াৰমেন চেনিৰাম বৰুৱা , উপ সভাপতি পূৰ্ণানন্দ গগৈ, সম্পাদক কুমুদ শৰ্মাৰ নেতৃত্বত বিষয়ববীয়া সকলে দিন মজুৰি কৰি পেট প্ৰৱৰ্তন কৰা ঢকুৱাখনাৰ ডেৰ শতাধিক শ্ৰমিক , ঠেলাৱালা, ৰিক্সাৱালাৰ মাজত আৰু ঘিলামৰাৰ অৰ্ধ শতাধিকৰ মাজত এনে সামগ্ৰী বিতৰণ কৰে। বাৰ্ধক্যই তলাব নোৱাৰা এই সকল তিনি কুৰি বছৰ বয়স অতিক্রমা জনহিতৈষী ব্যক্তিৰ জনসজাগতা সৃষ্টিৰ প্ৰশংসনীয় প্ৰয়াসৰ সৰ্বজনে শলাগ লৈছে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.