তামুলপুৰ জিলা প্ৰশাসনে সমাগত ৭৮সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে। তদুপলক্ষে আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত তামুলপুৰ জিলাৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগৰ বিষয়াসকলক নিজৰ নিজৰ দায়িত্বসমূহৰ কথা সোঁৱৰাই দিয়ে। আয়ুক্তগৰাকীয়ে স্বাস্থ্য, পশুপালন, হস্ততাঁত, সমাজকল্যাণ আদি বিভাগক স্বাধীনতা দিৱসৰ দিনা প্ৰদৰ্শনীও অনুষ্ঠিত কৰিবলৈও আহ্বান জনাইছে। বিভিন্ন কাৰ্যসূচীসমূহ যাতে সুচাৰুভাৱে অনুষ্ঠিত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ জিলা আয়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনায়। আজিৰ সভাখনত অতিৰিক্ত আয়ুক্তদ্বয় ডঃ দীপাংকৰ নাথ আৰু লখিমী দত্ত, সহকাৰী আয়ুক্তত্ৰয় হিতেশ বড়ো, অৰুণিমা কাকতি, কবিতা ফাংচ’ আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন