কৃষক ৰাইজৰ গৌৰৱ থল শতবৰ্ষত ভৰি দিয়া তিতাবৰ কৃষি গৱেষণা কেন্দ্ৰত আজি কৃষক দিৱস উদযাপন কৰা হয়।প্ৰতি বছৰে আজিৰ এই দিনটোত কৃষি গৱেষণা কেন্দ্ৰই আয়োজন কৰি অহা কৃষক দিৱসত ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ হেজাৰৰ অধিক কৃষক আৰু কৃষি বিজ্ঞানী সকলে আয়োজন কৰে।কৃষক সকলকলৈ অনুষ্ঠিত কৰা মুকলি সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দ্ৰ ডেকাই কয় যে কৃষক সকলৰ গৌৰৱৰ থল কৃষি গৱেষণা কেন্দ্ৰৰ এই মাহৰ ২৬ নৱেম্বৰ দিনা শতবৰ্ষৰ ভৰি দিব। শতবৰ্ষত উপনীত হোৱা আজিৰ আনন্দময় পৰিৱেশত কৃষক সকলকৰ কৃষিৰ প্ৰতি আগ্ৰহ দেখি আনন্দিত হৈছো।আজিৰ ভাৰতবৰ্ষৰ ৬০ শতাংশ কৃষি ভূমিত তিতাবৰৰ এই গৱেষণা কেন্দ্ৰত জন্ম দিয়া ধানৰ সঁচ ৰঞ্জিত চাব-১ ধানৰ খেতি কৰা হয়।উপাচাৰ্য গৰাকীয়ে কয় যে আৰু কেইদিনমানৰ পাছত ২৬ নৱেম্বৰ দিনা শতবৰ্ষত ভৰি দিব এই কেন্দ্ৰই।সেই সোণালী দিনটোত অসম ধান প্ৰতিষ্ঠান নামৰ এক অনুষ্ঠান জন্ম দিয়া হ’ব।অসম ধান প্ৰতিষ্ঠান নামৰ অনুষ্ঠানটোত ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰৰ কৃষক সকল আৰু বিজ্ঞানী সকলে ধানৰ ওপৰত প্ৰশিক্ষণ ল’ব পাৰিব। তিতাবৰৰ এই গৱেষণা কেন্দ্ৰত ৬ হেজাৰৰ ধানৰ সঁচ সুৰক্ষিত অৱস্থাত আছে। ইয়াৰ বাবে সেই নিৰ্দিষ্ট দিনটোত জিন বেংক এটা প্ৰতিষ্ঠা হ’ব।লগতে উপাচাৰ্য গৰাকীয়ে কয় যে ধান বুলি কলে আমি কেৱল ধান বুজি পাওঁ।ধানক লৈ এতিয়া নতুন ব্যৱসায় কৰাৰ সময় আহি পৰিছে।আমি প্ৰাকৃতিক খেতিৰ ওপৰত গুৰুত্ব দিব লাগে।ভাৰত চৰকাৰ অসম চৰকাৰে প্ৰাকৃতিক খেতিৰ ওপৰত গুৰুত্ব দিছে।একেটা ধানকে বছৰ বছৰ ধৰি একেডৰা মাটিত খেতি কৰি লাভ নাই।তিতাবৰ ধান গৱেষণা কেন্দ্ৰই উদ্ভাৱন কৰা নুমলী ধানৰ সময় ১৩০ দিন।সেয়েহে অসমৰ এশ হেক্তৰ ভূমিত আমি এইবাৰ নুমলী ধানৰ খেতি কৰিছোঁ।ইয়াৰ পাছত এই ভূমিত আমি মছুৰ ডালি, মাটি মাহ বা অন্যান্য খেতি কৰিব পাৰিম।আমি কেৱল ধান খেতি কৰিলেই নহ’ব ধান কটাৰ পাছত এই ভূমিত আমি প্ৰাকৃতিক খেতি কৰিব লাগিব।ইতিমধ্যে এই কেন্দ্ৰই লাবন্য ধানৰ সঁচ মুকলি কৰি দিয়া হৈছে।ইফালে আদৰণি ভাষণত কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° সঞ্জয় চেতিয়াই কৃষক সকলক শ্ৰদ্ধা জনায় কয় যে আমি কৃষক সকলক লৈ কুঁহিপাত নামৰ এটা গোট জন্ম দিছোঁ।এই কুঁহিপাতত জড়িত থকা কৃষক সকলৰ দ্বাৰা দহ হেজাৰ হেক্তৰ মাটিত লাবন্য নামৰ ধানৰ খেতি কৰা হৈছে লাবন্য ধান কটা পাছত এই মাটিত মাকৈ আদি অন্যান্য খেতি কৰা হ’ব।ৰঞ্জিত চাব-১ ধান ভাৰতবৰ্ষত অতি জনপ্ৰিয় ধান।ইতিমধ্যে বহু কেইটা কোম্পানীয়ে আমাৰ উদ্ভাৱক ধান লুইত আৰু বাহাদুৰ ধান ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য কৃষক ৰাইজৰ মাজত জনপ্ৰিয় কৰিবৰ কাম কৰি আছে।অহা ২৬ নৱেম্বৰত শতবৰ্ষ হ’ব তাৰ বাবে আমি প্ৰস্তুতি চলাইছো বুলি উল্লেখ কৰে।মুকলি সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞানী ড° অশোক ভট্টাচাৰ্য ড° প্ৰসন্ন কুমাৰ পাঠক,তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা,তিতাবৰ মহকুমাধিপতি,বৰহোলাৰ প্ৰগতিশীল কৃষক শিখা মণি বৰাই বক্তব্য ৰাখে।
Trending
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ