তিনিচুকীয়াৰ জিলা প্ৰশাসনৰ সৈতে অইল ইণ্ডিয়াৰ গ্ৰামোন্নয়ন চুক্তি

0 156

অইল ইণ্ডিয়া লিমিটেডৰ নিগমিত সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত তিনিচুকীয়া পৌৰসভাৰ লিগেচি আৱৰ্জনা
পুনৰ্ব্যৱহাৰৰ বাবে যোৱা বুধবাৰে অইল ইণ্ডিয়া গ্ৰাম্য উন্নয়ন সমিতি (OIRDS) আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।উক্ত বুজাবুজিৰ চুক্তিখন তিনিচুকীয়া জিলাৰ উপায়ুক্ত আই এ এছ নৰসিং পাৱাৰ আৰু অইল ইণ্ডিয়া গ্ৰামোন্নয়ন সমিতিৰ সভাপতি ভৈৰৱ ভূঞাৰ মাজত স্বাক্ষৰিত হয়। উক্ত অনুষ্ঠানত অইলৰ আৱাসিক মুখ্য বিষয়া প্ৰশান্ত বৰকাকতিকে ধৰি মুখ্য মহা প্ৰৱন্ধক (মানৱ সম্পদ আৰু প্ৰশাসন) পলাশ গগৈ, মুখ্য মহা প্ৰৱন্ধক (মানৱ সম্পদ – ক্ষেত্ৰ প্ৰশাসন) অৰুণজ্যোতি বৰুৱা, মহা প্রৱন্ধক (জন সম্পৰ্ক) দেৱাশীষ বৰা, তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত চৰফৰাজ হক, তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া মনজিৎ দলে, ৱাৰ্ড আয়ুক্ত আৰু তিনিচুকীয়া জিলা প্ৰশাসন,অইল ইণ্ডিয়া লিমিটেড আৰু অইল ইণ্ডিয়া গ্ৰামোন্নয়ন সমিতিৰ বিষয়াসকল উপস্থিত থাকে।এই প্ৰকল্পৰ অধীনত তিনিচুকীয়া পৌৰসভাৰ লিগেচি আৱৰ্জনাসমূহ বায়’-মাইনিং প্রক্ৰিয়াৰ জৰিয়তে পৰিশোধন, প্রক্ৰিয়াকৰণ আৰু পুনৰ্ব্যৱহাৰ কৰা হ’ব।

Leave A Reply

Your email address will not be published.