আজি গুৱাহাটী প্ৰেছ ক্লাৱত অসম কবি সমাজৰ তৃতীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।সভাত অসম কবি সমাজ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ড০ দয়ানন্দ পাঠক, সভাপতি ৰাজেন্দ্ৰনাথ বৰদলৈ,সম্পাদক সীমা বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অসম কবি সমাজৰ তিনিমহীয়া কাব্য পত্ৰিকা উন্মোচন কৰি ড০ পাঠক কয় যে-সময়ৰ লগে লগে কবিতাৰ পৰিৱৰ্তন হয়।কবিসকলে নিজস্ব ভাষাশৈলীৰে কবিতা লিখিলে আমাৰ কবি সমাজ আৰু সমৃদ্ধিশালী হ’ব।সভাপতি ৰাজেন্দ্ৰনাথ বৰদলৈয়ে সভাপতিৰ মন্তব্যত শিৱসাগৰ কবি সমাজ শাখাৰ ওপৰত এক চমু বক্তব্য দাঙি ধৰে।লগতে তেওঁ অসম কবি সমাজৰ প্ৰতিষ্ঠা দিৱস অহা বৰ্ষৰ ৮ মাৰ্চত ধেমাজিত অনুষ্ঠিত হ’ব বুলিও ঘোষণা কৰে।এই সভাত ডিব্ৰুগড়,ধেমাজি,ৰঙিয়াকে ধৰি অসমৰ বিভিন্ন জিলাৰ কবি সমাজৰ সদস্যসকল উপস্থিত থাকে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে