দেশ তথা ৰাজ্যত মহামাৰী ক’ৰণা ভাইৰাছে বিভিষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰি ৰাইজক আতংকিত কৰি তোলাৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপতো এতিয়া গণ সংক্ৰমণ ঘটিছে। মহামাৰী ক’ৰণাৰ গণ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে বিভিন্ন নীতি-নিয়ম তথা মিনি লকডাউন আৰু আন্ত: জিলাত যাতায়াত ইতিমধ্যেই বন্ধ কৰিছে। যিহেতু বৰ্তমান সময়ছোৱাত মহামাৰী ক’ৰণাত আক্ৰান্ত লোকসকলক ৰাজ্য চৰকাৰৰ চিকিৎসা বিভাগে পৰ্যাপ্ত পৰিমাণে চিকিৎসাৰ ব্যৱস্থা কৰি আহিছে যদিও কিছু কিছু ক্ষেত্ৰত ৰোগীসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ নিৰ্দেশক্ৰমে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ আৰু পলাশবাৰী সমষ্টিৰ বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ প্ৰচেষ্টাত কিছুদিন পূৰ্বে এখন বৈঠকত মিলিত হৈ “সেৱাহি সংগঠন” নামাকৰণেৰে এখন সমিতি গঠন কৰে। ২৩ জনীয়া সদস্যৰে গঠিত সেৱাহি সংগঠনে পলাশবাৰী, ছয়গাঁও আৰু বকো সমষ্টিৰ ক’ভিড আক্ৰান্ত ৰোগীসকল তথা কণ্টেইনমেন জ’নত থকা পৰিয়ালবৰ্গক পৰ্যপ্ত পৰিমাণে সহায়ৰ বাবে হাত আগবঢ়াব। সেয়েহে তিনিওটা সমষ্টিৰ ৰাইজৰ সুবিধাৰ্থে ব্যৱস্থা গ্ৰহণ কৰি ক’ভিড আক্ৰান্ত ৰোগী বা পৰিয়ালৰ লোকৰ ক’ভিড সম্পৰ্কীয় যিকোনো সমস্যাৰ সন্মুখীন হ`লে তৎকালীনভাৱে ৭০০২৭৭৫২০৪ আৰু ৯১০১৬৩৭৮৭৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing