দিন যোৰা বিভিন্ন কাৰ্যসূচী লৈ শিলচৰ চহৰত উপস্থিত হৈ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই প্ৰথমে তাৰাপুৰৰ ঐতিহ্যবাহী বিদ্যালয় ৰামকুমাৰ নন্দী পাঠশালাখন পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলৰ সৈতে মত বিনিময়ৰ কৰাৰ লগতে বিদ্যালয়খনৰ আন্তঃগাঁথনি তথা শৈক্ষিক পৰিৱেশৰ বুজ লয়। ইয়াৰে পিছত মন্ত্ৰী গৰাকীয়ে শিলচৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মডেল স্কুল হিচাপে নিৰ্মাণ কৰিবলগীয়া শ্যামচৰণ দেৱ বিদ্যাপীঠ হাইস্কুলত এক নতুন বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে এই নতুন বিদ্যালয় ভৱনৰ বাবে ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ আনটাইড ফাণ্ডৰ পৰা প্ৰাৰম্ভিক ৪০ লাখ টকাৰ ব্যয় ধাৰ্য কৰা হৈছে।এই অনুষ্ঠানত শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয় আৰু বিধায়ক শ্ৰীযুত দিপায়ন চক্ৰৱৰ্তী উপস্থিত থাকে। ইয়াৰে উপৰিও মন্ত্ৰী গৰাকীয়ে কৰিমগঞ্জৰ বদৰপুৰৰ অগ্ৰণী শিক্ষানুষ্ঠান মহাদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত সাংসদ শ্ৰীকৃপানাথ মাল্লাৰ সৈতে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে । শিক্ষা মন্ত্ৰী গৰাকীয়ে শিক্ষানুষ্ঠান খনে ৰাজ্যৰ শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা পঞ্চাচ বছৰীয়া গৌৰৱময় সেৱাৰ শলাগ লয়। তেওঁ লগতে উল্লেখ কৰে যে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা শিক্ষানুৰাগী ৰাইজৰ একান্ত প্ৰচেষ্টাত বিদ্যালয়খনৰ গৰিমা সদা-বন্দিত হৈ ৰ’ব। এই অনুষ্ঠানৰ পিছতে মন্ত্ৰী গৰাকীয়ে কাটলিচেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মডেল অগনবাড়ী কেন্দ্ৰ আৰু অমৃত সৰোবৰৰ অন্তৰ্গত নিৰ্মাণ কৰিবলগীয়া বিভিন্ন স্থান সমূহ পৰিদৰ্শন কৰে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan