দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব বিচৰা সকললৈ সুখবৰ

0 230

দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্য্যায়ৰ নাম ভৰ্তিৰ সহায়ক হোৱাকৈ অসমীয়া ছাত্ৰ সন্থাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।প্ৰত্যেক বাৰৰ দৰে এইবাৰো অসমীয়া ছাত্ৰ সন্থাই খুলিছে নাম ভৰ্তিৰ সহায়ক কেন্দ্ৰ ।সংগঠনটোৱে গুৱাহাটী শ্বহীদ ন্যাসত ৩১মে’ৰ পৰা ৩জুনলৈকে এটা সহায়ক কেন্দ্ৰ মুকলি কৰিছে।সংগঠনটোৱে জুনত গোলাঘাটৰ ডি আৰ কলেজত, ৭জুনত যোৰহাটৰ অভিজ্ঞান একাডেমীত,৮ জুনত শিৱসাগৰৰ আছুৰ মুখ্য কাৰ্য্যালয়ত, ৯আৰু ১০জুনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তি কেন্দ্ৰ মুকলি কৰিব।দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ বাবে আগ্ৰহী ছাত্ৰ ছাত্ৰীয়ে কেন্দ্ৰৰ জৰিয়তে বিভিন্ন পৰামৰ্শ ল’ব পাৰিব ।

Leave A Reply

Your email address will not be published.