গুৱাহাটী মহানগৰীৰ বৰ্জিত লেতেৰা পানীভাগ দীপৰ বিলত পেলাই অহাৰ ফলত বিলখন ভয়াবহ ভাবে প্ৰদূষিত হৈ পৰিছে । তদুপৰি গুৱাহাটী পৌৰ নিগমে দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ পিছৰে পৰাই বিলখনৰ মাছ-কাছকে ধৰি বিবিধ প্ৰজাতিৰ জলজ উদ্ভিদ ক্ৰমাৎ নিঃশেষ হ’বলৈ ধৰিছে । উল্লেখ্য যে পুৰাতন কালৰে পৰাই ঐতিহাসিক দীপৰ বিলত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি অহা বৃহত্তৰ আজাৰা অঞ্চলৰ প্ৰায় ৮২৫ টা অনুসূচীত সম্প্ৰদায়ৰ মাছমৰীয়া পৰিয়ালৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো কোনো সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে কোনো প্ৰত্যক্ষ আঁচনি গ্ৰহণ নকৰিলে । ইপিনে বিশ্বৰ পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ঐতিহাসিক দীপৰ বিলখন ভয়াবহ ভাবে প্ৰদূষিত হৈ পৰাত দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ সংখ্যাও পূৰ্বৰ তুলনাত যথেষ্ট কমি গৈছে । ক্ৰমাৎ কমি আহিছে দীপৰ বিলৰ অতি সোৱাদ যুক্ত মাছ-কাছৰ সংখ্যা । ইয়াৰ মাজতে প্ৰতিবছৰে দীপৰ বিল পাঁচপাৰা সমবায় সমিতিখনে বিলখনত বিবিধ প্ৰজাতিৰ মাছৰ পোনা এৰি দি আহিছে । তেনেক্ষেত্ৰত যোৱাকালি দীপৰ বিল পাঁচপাৰা সমবায় সমিতিয়ে দীপৰ বিলত প্ৰায় ৫০ হেজাৰ বিবিধ থলুৱা প্ৰজাতিৰ মাছৰ পোনা এৰি দিয়ে । দীপৰ বিল পাঁচপাৰা সমবায় সমিতিৰ উপদেষ্টা নীৰেন চন্দ্ৰ দাসকে ধৰি সমিতিৰ কেবাজনো কৰ্মকৰ্তা , দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা , সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণকে ধৰি মঞ্চৰ কেবাজনো কৰ্মকৰ্তাৰ উপস্থিতিত ঐতিহাসিক শ্ৰী শ্ৰী ভাঙাৰা গোঁসাই মন্দিৰৰ ওচৰত থকা দীপৰ বিলৰ ঘাটত মাছৰ পোনাখিনী এৰি দিয়া হয় । আনহাতে দীপৰ বিলত বাৰিষাৰ সময়ত এনেকৈ মাছৰ পোনা এৰি দিয়া বাবে পাঁচপাৰা সমবায় সমিতিত সচেতন লোক সকলে ভূয়সী প্ৰশংসা কৰিছে ।
Trending
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ