গুৱাহাটী মহানগৰীৰ বৰ্জিত লেতেৰা পানীভাগ দীপৰ বিলত পেলাই অহাৰ ফলত বিলখন ভয়াবহ ভাবে প্ৰদূষিত হৈ পৰিছে । তদুপৰি গুৱাহাটী পৌৰ নিগমে দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ পিছৰে পৰাই বিলখনৰ মাছ-কাছকে ধৰি বিবিধ প্ৰজাতিৰ জলজ উদ্ভিদ ক্ৰমাৎ নিঃশেষ হ’বলৈ ধৰিছে । উল্লেখ্য যে পুৰাতন কালৰে পৰাই ঐতিহাসিক দীপৰ বিলত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি অহা বৃহত্তৰ আজাৰা অঞ্চলৰ প্ৰায় ৮২৫ টা অনুসূচীত সম্প্ৰদায়ৰ মাছমৰীয়া পৰিয়ালৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো কোনো সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে কোনো প্ৰত্যক্ষ আঁচনি গ্ৰহণ নকৰিলে । ইপিনে বিশ্বৰ পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ঐতিহাসিক দীপৰ বিলখন ভয়াবহ ভাবে প্ৰদূষিত হৈ পৰাত দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ সংখ্যাও পূৰ্বৰ তুলনাত যথেষ্ট কমি গৈছে । ক্ৰমাৎ কমি আহিছে দীপৰ বিলৰ অতি সোৱাদ যুক্ত মাছ-কাছৰ সংখ্যা । ইয়াৰ মাজতে প্ৰতিবছৰে দীপৰ বিল পাঁচপাৰা সমবায় সমিতিখনে বিলখনত বিবিধ প্ৰজাতিৰ মাছৰ পোনা এৰি দি আহিছে । তেনেক্ষেত্ৰত যোৱাকালি দীপৰ বিল পাঁচপাৰা সমবায় সমিতিয়ে দীপৰ বিলত প্ৰায় ৫০ হেজাৰ বিবিধ থলুৱা প্ৰজাতিৰ মাছৰ পোনা এৰি দিয়ে । দীপৰ বিল পাঁচপাৰা সমবায় সমিতিৰ উপদেষ্টা নীৰেন চন্দ্ৰ দাসকে ধৰি সমিতিৰ কেবাজনো কৰ্মকৰ্তা , দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা , সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণকে ধৰি মঞ্চৰ কেবাজনো কৰ্মকৰ্তাৰ উপস্থিতিত ঐতিহাসিক শ্ৰী শ্ৰী ভাঙাৰা গোঁসাই মন্দিৰৰ ওচৰত থকা দীপৰ বিলৰ ঘাটত মাছৰ পোনাখিনী এৰি দিয়া হয় । আনহাতে দীপৰ বিলত বাৰিষাৰ সময়ত এনেকৈ মাছৰ পোনা এৰি দিয়া বাবে পাঁচপাৰা সমবায় সমিতিত সচেতন লোক সকলে ভূয়সী প্ৰশংসা কৰিছে ।
Trending
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন