দুটা খবৰৰ আঁত ধৰি

0 307

IMG-20170717-WA0017

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ নেতৃত্বত জুবিন গাৰ্গ Fan Club উদ্যোগত কলাগুৰু আটিষ্ট ফাউণ্ডেশ্যনৰ সহযোগত আজিৰে পৰা আৰম্ভ হৈছে বান সাহাৰ্য্য বিচাৰি এক সমদল। উল্লেখযোগ্য যে এই সমদল আজি চান্দমাৰীৰ পৰা শুভাৰম্ভ হৈছে। জানিব পৰা মতে অসমৰ বিভিন্ন জিলাত থকা জুবিন Fan Club ৰ সদস্য সকলে বিভিন্ন ঠাইৰ পৰা সাহাৰ্য সংগ্ৰহ কৰিব।

PicsArt_07-17-07.17.41

ইতিপূৰ্বেও শিল্পী গৰাকীয়ে বানে জুৰুলা কৰা জনৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিছিল। আজিৰ এই সমদলত বিভিন্ন জন শিল্পীয়ে অংশগ্ৰহণ কৰা দেখা যায়।

IMG-20170717-WA0019

ইফালে কালি বিশ্ব সৰ্প দিৱস উপলক্ষ্যে শোণিতপুৰ প্ৰেচ ক্লাবত এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰকৃতি প্ৰেমী সৌৰভ বৰকটকীক সম্বৰ্ধনা জনোৱা  হয়। উল্লেখযোগ্য যে সৌৰভ বৰকটকীয়ে সাপ সংৰক্ষণত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। 

Leave A Reply

Your email address will not be published.